ETV Bharat / state

কোনো দলে বিজেপিক পৰাজিত কৰিব নোৱাৰে: সুভাষ দত্ত - BJP Press meet

শনিবাৰে সন্ধিয়া ডিব্ৰুগড় বিজেপিৰ নেতৃবৰ্গই নিৰ্বাচনকেন্দ্ৰিক এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ ৰাইজে কংগ্ৰেছক এঘৰীয়া কৰা বুলি কটাক্ষ কৰে ৷

কোনো দলেই ভাৰতীয় জনতা পাৰ্টীক পৰাজয় কৰাব নোৱাৰিব: সুভাষ দত্ত

author img

By

Published : Feb 7, 2021, 12:13 PM IST

মৰাণ,7 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ নগৰ বিজেপি মণ্ডলৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ নিৰ্দেশ অনুসৰি শনিবাৰে সন্ধিয়া দলটোৰ নেতৃবৰ্গই নিৰ্বাচনকেন্দ্ৰিক এক সংবাদমেল অনুষ্ঠিত কৰে । স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ আহ্বায়ক সুভাষ দত্তৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই গুৰুত্বপূৰ্ণ সংবাদমেলখন । এই সংবাদমেলতে সুভাষ দত্তই কংগ্ৰেছ দলটোক কটাক্ষ কৰি কয় যে, অসমৰ ৰাইজে কংগ্ৰেছক এঘৰীয়া কৰিছে আৰু সেইকাৰণে এতিয়া বদৰুদ্দিন আজমলৰ চৰণত শৰণ লৈছে ৷ তদুপৰি পৰৱৰ্তী নিৰ্বাচনত কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টীক অন্য দলে চেৰ পেলাব নোৱাৰে বুলি দত্তই উল্লেখ কৰে ৷

ইফালে বিধায়ক প্ৰশান্ত ফুকনে কয় যে, ডিব্ৰুগড়ত বিপুল ভোট লাভ কৰি গেৰুৱা দলটোৱে জয় লাভ কৰিব ৷ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব ৷ আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু বদৰুদ্দিন আজমলে কোনো কাৰণতে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক পৰাজয় কৰিব নোৱাৰিব বুলি মন্তব্য আগবঢ়াই সুভাষ দত্তয়ে ।

লগতে পঢ়ক:দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.