মৰাণ,২১ ছেপ্টেম্বৰ: যোৱা ১১ ছেপ্তেম্বৰ তাৰিখে মৰাণ সমষ্টিৰ খোৱাঙত ৰাইজৰ দলৰ এখন সভাত সৃষ্টি হোৱা খেলিমেলি আৰু পৰৱৰ্তী সময়ত দলৰ পৰা বহিষ্কৃত হোৱা চাৰি নেতাৰ সংবাদমেল(Four leaders expelled from Raijor Dol) । সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে চাৰি বহিস্কৃত নেতাই(Expelled leader files explosive allegations) ।
ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা লক্ষীনাথ ফুকন, ৰাজ্যিক জাতীয় নাৰী বাহিনীৰ কাৰ্যবাহী সদস্যা ৰেখা গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি কৰুণা বৰুৱা আৰু মৰাণ সমষ্টি সমিতিৰ সভাপতি তুলতুল বেজে মৰাণৰ মন্দাকিনী হোটেলত এক সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । বহিষ্কৃত নেতা কেইজনে সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাইজৰ দলৰ নেতৃত্বত এতিয়া সুবিধাবাদী আৰু ফেচিবাদীৰ চৰিত্ৰৰ লোক আছে ।
ভাস্কো ডি শইকীয়া আৰু অখিল গগৈক নিজৰ মতে দল চলাবলৈ লাগে । সমষ্টিবিলাক শক্তিশালী হোৱাতো তেওঁলোকে নিবিচাৰে বুলি উল্লেখ কৰি অখিল গগৈক সুবিধাবাদী নেতা আখ্যা দিয়ে নেতা কেইজনে । বহিষ্কৃত নেতা কেইজনে কয় যে, পঞ্চায়ত নিৰ্বাচনত বিজেপিক জয়ী কৰাবৰ বাবেই ভাস্কো ডি শইকীয়া আৰু অখিল গগৈয়ে মৰাণ সমষ্টি সমিতিখন নিষ্ক্ৰীয় কৰি ৰাখিছে ।
মৰাণ সমষ্টিত সমিতিৰ সভা অনুষ্ঠিত কৰিও কেন্দ্ৰীয় সমিতিৰ এজন নেতাই ফোন কৰি সভাখন বন্ধ কৰি দিয়াৰ আঁৰত ৰহস্য থকা বুলি উল্লেখ কৰে সংবাদমেলত । এই সংবাদমেলতে নেতাকেইজনে ৰাইজৰ দলৰ পৰা প্ৰায় ৩০০ লোকে পদত্যাগ কৰিছে বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: দিল্লীত প্ৰধানমন্ত্রীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই