মৰাণ, 4 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ বাণীপুৰৰ ঢেকেৰি গাঁৱত সোমবাৰে এগৰাকী কিশোৰীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে গাভৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে চাৰি যুৱকক ৷
ইয়াৰ পিচতে এই ঘটনা সংক্ৰান্তত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই সংবাদমেল সম্বোধন কৰে ৷ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, পুৱা প্ৰায় 7.30 মান বজাত আৰক্ষীয়ে এক খবৰ লাভ কৰিছিল ৷ সেই খবৰ অনুসৰিয়েই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ ইফালে আৰক্ষী যোৱালৈ স্থানীয় লোকে কিশোৰীগৰাকীৰ মৃতদেহটো ৰচীৰ পৰা খুলিছিল ৷ এই ঘটনাক লৈ ডিব্ৰুগড় আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে । কিশোৰীগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত বুলি জানিবলৈ দিয়ে ৷ ঘটনা সংঘটিত হোৱা লোকজনৰ ঘৰত যোৱা কেইবাদিন ধৰি কিশোৰীগৰাকী বাস কৰি আছিল বুলি ঘৰৰ গৰাকীয়ে জানিবলৈ দিয়ে ৷
এই ঘটনাক লৈ আটক কৰা চাৰিজনৰ ভিতৰত এজন কিশোৰ থকাৰ কথা উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, যি ঘৰত এই ঘটনা সংঘটিত হৈছে সেই ঘৰৰ গৰাকীয়ে আৰক্ষীক অভিযোগ দিছে । কিয় এই ঘটনা সংঘটিত হয় সেই কথা আৰক্ষী নিশ্চিত হ'ব পৰা নাই যদিও মৃতদেহ উদ্ধাৰ হোৱা গৃহত আপত্তিজনক বহু সামগ্ৰী উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰিছে । আৰক্ষীৰ তদন্ত আৰু কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতহে আৰক্ষী নিশ্চিত হ'ব বুলি জানিবলৈ দিয়ে।
আনহাতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কিশোৰীগৰাকী পৰিচিত নহয় । ঘটনা সংঘটিত হোৱা ঘৰটোলৈ প্ৰায়ে যুৱক-যুৱতী আহে ৷ উক্ত ঘৰটো মদ, জুৱাৰ ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ লগতে অনৈতিক কাণ্ড সংঘটিত হৈ আহিছে ।
স্থানীয় ৰাইজে এই ক্ষেত্ৰত বাধা দিয়ে যদিও বন্ধ হোৱা নাছিল এই কাৰ্য । দেওবাৰে দুপৰীয়াৰ পৰাই উক্ত ঘৰটোত মদৰ আড্ডা আৰম্ভ হৈছিল আৰু উপস্থিত আছিল আটক হোৱা যুৱকসহ মৃত কিশোৰীগৰাকী । ঘৰটোত সেই সময়ত গৰাকী উপস্থিত নাছিল । ইয়াৰ পাচতেই সন্ধিয়া কিশোৰীগৰাকীক স্থানীয় ৰাইজে চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পিচে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মৃত কিশোৰীগৰাকীৰ প্ৰকৃত পৰিচয় ।
লগতে পঢ়ক: Suspected death: গৰাকী বিহীন ঘৰত যুৱতীৰ মৃতদেহ; চাৰি যুৱকৰ সৈতে আহিছিল ঘৰটোলৈ...