ETV Bharat / state

মৰাণত আখৰাত ব্যস্ত হুঁচৰি দল - ৰঙালীক আদৰাৰ প্ৰস্তুতি

মৰাণত হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে ডেকা-গাভৰুৱে । আখৰাত ব্যস্ত হৈ পৰিছে হুঁচৰি দলবোৰ । ঢোলৰ গুমগুমনিত ৰজনজনাইছে মৰাণৰ গ্ৰামাঞ্চল । বিহুগীত জুৰি আপোনজনলৈ বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰী ।

মৰাণত হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে ডেকা-গাভৰুৱে

author img

By

Published : Apr 6, 2021, 5:07 PM IST

মৰাণ, ৬ এপ্ৰিল: ঢোলৰ-পেঁপাৰ শব্দই ৰজনজনাইছে ডিব্ৰুগড়ৰ মৰাণৰ আকাশ-বতাহ । ৰাজ্যৰ আন আন প্ৰান্তৰ বিহু দলবোৰৰ সমান্তৰালকৈ মৰাণৰ সমীপৰ বকতা পাৰিজাতৰ চ্যুকাফা হুঁচৰি দলেও আখৰাত ব্যস্ত হৈ পৰিছে । ৰঙালী বিহুৰ সময়ত বিভিন্ন স্থানত মঞ্চ বিহুৰ লগতে চোতাল বিহু পৰিৱেশনৰ বাবে প্ৰস্তুতি চলাইছে চ্যুকাফা হুঁচৰি দলে ।

মৰাণত হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে ডেকা-গাভৰুৱে

টাই ভাষাত বিহুগীত পৰিৱেশন কৰিব দলটোৱে । সেয়ে, বৰ গছৰ তলত ডেকা-গাভৰুসকলে আখৰা কৰিছে । ঢুলীয়াৰ ঢোলৰ ছেৱত কঁকাল ঘূৰাই নাচিছে নাচনীয়ে । টাই আহোমৰ ৰীতি-নীতি পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰঙালীক আদৰিবলৈ সাজু হৈছে বিহু দলটো ।

আনহাতে, বিহুৰ বাবে ব্যস্ততাৰ অন্ত নাই শিপিনীসকলৰ । তাঁতশালত আপোনজনলৈ বিহুৱান বৈছে যুৱতী-মহিলাসকলে । মনৰ আনন্দতে তাঁতশালতে বিহুগীত জুৰিছে যুৱতীসকলে । মুঠতে চেনেহৰ ৰঙালীক লৈ উছাহৰ অন্ত নাই মৰাণবাসীৰ মাজত ।

লগতে পঢ়ক:জালুকবাৰীৰ কেইবাটাও কেন্দ্ৰত ইভিএমৰ বিসংগতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.