ETV Bharat / state

Tingkhong HS School : টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:23 PM IST

১৯৪৬ চনতেই প্ৰতিষ্ঠা লাভ কৰা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি ৷ ছাত্ৰ- ছাত্ৰী বিদ্যালয়লৈ অহাৰ স্মৃতি সজীৱ কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে গৰু গাড়ীৰ আৰ্হিৰ বিশেষ বাটচ’ৰা ৷

Tingkhong HS School
মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি
75 বছৰত সম্পূৰ্ণ কৰিলে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে

ডিব্ৰুগড়, 13 নৱেম্বৰ : স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ এখন চৰকাৰী বিদ্যালয় ৷ বৃহত্তৰ টিংখাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ হৃদপিণ্ড স্বৰূপ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিছিল 1946 চনত ৷ সেই সময়ৰ বহু কেইজন আলোকসন্ধানী ব্যক্তিৰ অলেখ কষ্ট আৰু ত্যাগৰ বিনিময়ত গঢ় লৈ উঠা বিদ্যালয়খনে সগৌৰৱেৰে অতিবাহিত কৰিলে 75 টা বৰ্ষ ৷

এনে গৌৰৱময় ক্ষণত বিদ্যালয়খনে 4ৰ পৰা 6 ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে "মহাৰজত জয়ন্তী সমাৰোহ" ৷ যাৰ বাবে এতিয়া টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ সমাৰোহৰ বাবে সজাই-পৰাই তোলা হৈছে বিদ্যালয়ৰ চৌহদ ৷

ৰং-তুলিকাৰে জিলিকাই তোলা হৈছে বিদ্যালয়খনৰ দেৱালসমূহ ৷ সমাৰোহত প্ৰদৰ্শনৰ বাবে চলিছে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আখৰা ৷ বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ শিক্ষকে তেতিয়া গৰু গাড়ীৰে বিদ্যালয়লৈ আহিছিল ৷ বিদ্যালয়খনৰ পৰা প্ৰথমবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ গৰু গাড়ীৰে গৈছিল ৷ সেয়ে সেই সময়ৰ সোণালী স্মৃতি সমূহ সজীৱ কৰি ৰাখিবলৈ তৈয়াৰ কৰা হৈছে গৰু গাড়ী আৰ্হিৰ এক বিশেষ বাটচ’ৰা ৷

ইতিপূৰ্বে বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে বৰ্ষজোৰা বিভিন্ন কাৰ্যসূচী সফলতাৰে সমাপন কৰিছে ৷ য'ত শৈক্ষিক আলোচনা চক্ৰ, প্ৰয়াত আৰু অৱসৰী শিক্ষাগুৰু সকলৰ শ্ৰদ্ধাঞ্জলি, সাহিত্য - সাংস্কৃতিক বিভিন্ন কাৰ্যসূচী আদি সাঙুৰি লোৱা হৈছে ৷ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আটাইকেইটা দিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সমূহ ন-পুৰণি শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ-ছাত্ৰী , অভিভাৱক তথা শিক্ষানুৰাগী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ তথা মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক : Dipawali 2023: দীপাৱলী উপলক্ষে সাপেখাতীত মাটি চাকি বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.