মৰাণ,11 মাৰ্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়ত এতিয়া ৰাজ্যৰ চৌপাশে বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ 117 নং লাহোৱাল সমষ্টি ৷ বৰ্তমান প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই 117 নং লাহোৱাল সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে সমষ্টিটোত প্ৰচাৰ চলালে চাহ জনগোষ্ঠীয় জনপ্ৰিয় নেতা প্ৰভূলাল বৈষ্ণৱে ৷ চাহ জনগোষ্ঠীয় ভোটাৰ ৰাইজে তেওঁক আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰভূলাল বৈষ্ণৱে ৷
উল্লেখ্য যে,চাহ জনগোষ্ঠীয় জনপ্ৰিয় নেতা প্ৰভূলাল বৈষ্ণৱে 117 নং লাহোৱাল সমষ্টিৰ পৰা এইবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইতিমধ্যে চাহ অধ্যুষিত অঞ্চলত বিভিন্নজনে প্ৰভূলাল বৈষ্ণৱক বিপুল সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে ৷ বৃহত্তৰ লাহোৱাল সমষ্টিৰ চাহ জনগোষ্ঠীয় জন সাধাৰণৰ হকে প্ৰভূলাল বৈষ্ণৱে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ যমুনামুখৰ মহাজোঁটৰ প্রার্থী চিৰাজুদ্দিন আজমলৰ মনােনয়ন দাখিল