ডিব্ৰুগড়, 19মাৰ্চ: ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ ৷ এই সময়ত ৰাজনৈতিক নেতা সকলৰো নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত বৃদ্ধি পাইছে তৎপৰতা ৷ এই সময়তে আজি মৰাণত বিজেপিৰ শাসন কালত দলং, পথ নিৰ্মাণৰ গইনা লৈ উন্নয়নৰ লগতে মৰাণৰ দীৰ্ঘকালৰ বিধায়িকা জীৱনতৰা ঘাটোৱাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়ক চক্ৰ গগৈয়ে ।
মৰাণৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংশাত পঞ্চমুখ হোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চক্ৰ গগৈয়ে কয়, ভাল কামৰ প্ৰসংশা হয়, সেয়ে আজিৰ তাৰিখতো কংগ্ৰেছ দলৰ মানুহে বিজেপি দলৰ দ্বাৰা ভাল কাম হৈছে বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে, আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে চক্ৰ গগৈয়ে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰতিজন ভোটাৰৰ মন জয় কৰাৰ বাবে গগৈয়ে প্ৰতিদিনে ন-ন কৌশল প্ৰয়োগ কৰিছে ৷ মৰাণবাসীয়ে বহু সাহস আৰু প্ৰেৰণা দি চাৰিওফালে বিজেপিৰ জয় জয়কাৰ কৰিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গগৈয়ে ৷
অন্য এক খবৰৰ বাবে: নিৰ্বাচনী হিংসা:ফালি পেলালে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয়