ETV Bharat / state

আৱৰ্ত ভৱনত থাকিবলৈ দিয়া নহ’ল ৰিপুন বৰাক - সভাপতি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পত্ৰ প্ৰেৰণ ৷ ডিব্ৰুগড় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ সভাপতি গৰাকীৰ ৷

Pradesh Congress President Ripun Bora Specially letter sent Assam Chief Minister
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পত্ৰ প্ৰেৰণ
author img

By

Published : Nov 1, 2020, 8:30 PM IST

গুৱাহাটী, 1 নৱেম্বৰ : ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ক্ষোভ ৷ ডিব্ৰুগড় আৱৰ্ত ভৱনত সভাপতি গৰাকীক থাকিবলৈ নিদিয়াৰ অভিযোগ ৷

উল্লেখ্য যে, 30, 31 অক্টোবৰ আৰু 1 নৱেম্বৰৰ বাবে ডিব্ৰুগড় আৱৰ্ত ভৱনত থকাৰ কাৰণে কোঠাৰ ব্যৱস্থা কৰিবলৈ আগতীয়াকৈ ৰিপুন বৰাই ডিব্ৰুগড় জিলা প্ৰশাসনক অৱগত কৰাইছিল । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে জিলা প্ৰশাসনে সভাপতি গৰাকীক জনাই যে, সেই দিন কেইটাত যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড় আৱৰ্ত ভৱনত থাকিব গতিকে ৰিপুন বৰাক কোঠা ব্যৱহাৰ কৰিব দিব পৰা নাযাব বুলি উল্লেখ কৰে ৷

Pradesh Congress President Ripun Bora Specially letter sent Assam Chief Minister
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পত্ৰ প্ৰেৰণ

লগতে পঢ়ক : পুলৱামা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ইফালে, জিলা প্ৰশাসনৰ এনে উত্তৰত ক্ষুব্ধ হৈ ৰিপুন বৰাই সমস্ত কথা এখন পত্ৰ যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰে । চৰকাৰখনৰ এনে আচৰণ অগণতান্ত্ৰিক বুলি মন্তব্য কৰি পত্ৰখনত ৰিপুন বৰাই কয় যে, আৱৰ্ত ভৱনৰ গাইডলাইন অনুসৰি, আৱৰ্ত ভৱন ব্যৱহাৰৰ ক্ষেত্ৰত সাংসদ সকলকো তালিকাত ৰখা হৈছে তেনেক্ষত্ৰত মুখ্যমন্ত্ৰী তাত‌ থাকিলেও প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী তাত থকাত কোনো বাধা নাই বুলি পত্ৰখনত উল্লেখ কৰে । লগতে, মোৰ উপস্থিতিয়ে আপোনাৰ শান্তি আৰু নিৰাপত্তা ভংগ নকৰিলেহেতেন বুলিও পত্ৰখনত ৰিপুন বৰাই উল্লেখ কৰে ৷

লগতে পঢ়ক : আমগুৰি চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.