ETV Bharat / state

24 ঘন্টাই বিদ্যুৎ পাবলৈ ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি: বিমল বৰা

author img

By

Published : Jun 21, 2021, 3:22 PM IST

উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰে শক্তি মন্ত্ৰী বিমল বৰাই ৷ ডিব্ৰুগড়ৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিমল বৰাই কয়, 24 ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ'লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি ।

Power theft to be prevented from getting electricity within 24 hours: bimal borah
24 ঘন্টাই বিদ্যুৎ পাবলৈ ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি : বিমল বৰা

ডিব্ৰুগড়,21 জুন: ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে বিদ্যুৎ চুৰিকাণ্ডৰ বিৰুদ্ধে তীব্ৰ অভিযান ৷ উপসংমণ্ডলৰ বিষয়া-কৰ্মচাৰীসকলে বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ত এক সংবাদ মেল সম্বোধন কৰে শক্তি মন্ত্ৰী বিমল বৰাই ৷ ডিব্ৰুগড়ৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিমল বৰাই কয়, 24 ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ'লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি ।

বিদ্যুৎ বিভাগক আমূল সংস্কাৰৰ প্ৰয়োজন আছে ৷ কিন্তু সঠিক ভাৱে ৰাজহ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে লোকচানৰ সন্মুখীন হৈছে বিদ্যুৎ বিভাগ । অসমত বিদ্যুৎ বিভাগক বাস্তৱসন্মতভাৱে আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আছে । গতিকে গুজৰাটৰ আৰ্হিত অসমৰ বিদ্যুৎ বিভাগক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বান্ধি লৈছে অসম চৰকাৰে । ইতিমধ্যে ৰাজ্যৰ চৰকাৰী বিভাগৰ 106 কোটি টকাৰ অনাদায় বিল পৰিশোধৰ বাবে বিত্ত বিভাগক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে ।

লগতে মন্ত্ৰীগৰাকীয়ে কয়, infrastructure অত্যাধুনিক প্ৰযুক্তিৰ renovate কৰি থকা হৈছে । বিভিন্ন ঠাইত প্ৰাকৃতিক দুৰ্যোগৰ বাবে মেৰামতি কৰিবলগীয়া কাৰণত বিদ্যুৎ কৰ্তন হৈ আছে । এই বিষয়টো গ্ৰাহকক জনোৱাৰ বাবে ইতিমধ্যে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, সৌভাগ্য আঁচনিৰ জৰিয়তে ৰাজ্যত প্ৰায় 42 লাখৰ পৰা 63 লাখলৈ বৃদ্ধি কৰা হ'ল উপভোক্তা।

আনহাতে, অনাগত দিনত উপভোক্তা বৃদ্ধি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে । বিদ্যুৎ চুৰিকাৰ্যত বিদ্যুৎ বিভাগৰে বিষয়া-কৰ্মচাৰী জড়িত হৈ আছে বুলি মন্তব্য কৰাৰ লগতে খালী পদসমূহৰ নিযুক্তি আৰম্ভ হ'ব আৰু এই নিযুক্তিৰ দ্বাৰাই বৃদ্ধি কৰিব বিদ্যুৎ বিভাগৰ শক্তি বৃদ্ধি হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে । নতুন চৰকাৰে 258 কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.