ETV Bharat / state

টিংখাঙত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথত পুখুৰী সদৃশ গাঁত

অৰুণাচলৰ কানোবাৰীৰ পৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাজেৰে বগীবিললৈকে নিৰ্মাণ হৈ থকা 52(B) ট্ৰান্স অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক ৷

author img

By

Published : Jun 15, 2020, 8:31 AM IST

Poor road condition at Tingkhang
টিংখাঙত নিৰ্মীয়মান ৰাষ্ট্ৰীয় পথত পুখুৰী সদৃশ গাঁত

টিংখাং, 15 জুন: নিৰ্মীয়মান অৱস্থাতে ডিব্ৰুগড় জিলাৰ এটা ৰাষ্ট্ৰীয় ঘাইপথে ধাৰণ কৰিছে বিধ্বস্ত ৰূপ ৷ অৰুণাচলৰ কানোবাৰীৰ পৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাজেৰে বগীবিললৈকে নিৰ্মাণ হৈ থকা 52(B) ট্ৰান্স অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক ৷ ঘাইপথটোৱে টিংখাঙৰ বিভিন্ন স্থানত বিধস্ত ৰূপ লোৱাত এতিয়া যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে । টিংখাঙৰ বৰবাম পঞ্চায়তৰ টিপমীয়া অঞ্চলত ঠায়ে-ঠায়ে পথৰ ওপৰত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । যাৰ বাবে উক্ত স্থান সমূহত সঘনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

উল্লেখ্য এনে এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই ভাঙি চিঙি যোৱাৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই পথটোৰ ওপৰত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত সমূহ পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্মাণকাৰী সংস্থাটোক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়কঃ নগাওঁ আৰক্ষীৰ অভিযানত কেঁকোসাপ, ব্ৰাউন চুগাৰসহ আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.