ETV Bharat / state

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ - মাহমৰা - বৰপথাৰ পঞ্চায়ত

বাঁহৰ ভগাবেৰাৰ মাজতেই জীৱনৰ আদিপাঠ গ্ৰহণ টিংখাঙৰ থুলাই প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ ৷ সামান্য বতাহতে বিদ্যালয় গৃহ ভাঙি পৰাৰ আশংকা,আনফালে বৰষুণ আহিলেই বিদ্যালয় গৃহ এৰি পলাব লগীয়া হয়  শিক্ষক - শিক্ষাৰ্থী ৷

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ
author img

By

Published : Sep 17, 2019, 11:18 AM IST

টিংখাং,17 চেপ্তেম্বৰঃ ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ উন্নয়নৰ নমুনা ৷ প্ৰাথমিক শিক্ষাৰ নামত প্ৰকৃততে কি চলিছে ৰাজ্যৰ শিক্ষা খণ্ডত ৷ 2017 চনত ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়ত গুণোৎসৱ পাতি শিক্ষা খণ্ডৰ ব্যাপক উন্নয়নৰ ঢাক ঢোল বজালেও আচলতে কোনো পৰিৱৰ্তন নাহিল ৰাজ্যৰ চৰকাৰী বিদ্যালয়লৈ ৷

টিংখাঙৰ এখন বিদ্যালয়ে উদঙাইছে চৰকাৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ

টিংখাঙৰ মাহমৰা-বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত থুলাই প্ৰাথমিক বিদ্যালয়ে ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ৷ কিন্তু প্ৰাদেশীকৰণৰ সাত বছৰ পাৰ হোৱাৰ পাছতো বিদ্যালয়খনৰ আন্তঃ গাঁথনিৰ ক্ষেত্ৰত নাহিল কোনো পৰিৱৰ্তন ৷ পকী বিদ্যালয় গৃহৰ অভাৱত বাঁহৰ ভগাবেৰাৰ মাজতেই জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে ৷ এফালে যদি এজাক সামান্য বতাহতে বিদ্যালয় গৃহটো ভাঙি পৰাৰ আশংকা আছে,আনফালে বৰষুণ আহিলেই বিদ্যালয় গৃহ এৰি পলাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষক-শিক্ষাৰ্থীৰ মাজত ৷ উল্লেখযোগ্য যে,প্ৰায় 51 জন ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয় খনৰ শিক্ষকদ্বয়ে গাঁওবাসীৰ সহযোগত নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হয় বিদ্যালয় গৃহ ৷

ৰাজ্যৰ বাজেটত প্ৰত্যেক বছৰে প্ৰাথমিক শিক্ষাৰ বাবে কোটি কোটি টকা ধাৰ্য কৰিলেও প্ৰকৃততে চৰকাৰী আঁচনিৰ যে কোনো কাৰ্যকৰীকৰণ হোৱা নাই এই কথা টিংখাঙৰ থুলাই প্ৰাথমিক বিদ্যালয়ে উদঙাই দিছে ৷

Intro:ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগত উন্নয়নৰ নমুনা। টিংখাঙত জৰাজীৰ্ণ বিদ্যালয়ত জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছে কন-কন ছাত্ৰ -ছাত্ৰীয়ে। চাওঁক আমাৰ এক প্ৰতিবেদন ।

Body:টিংখাং - ১৭ ছেপ্টেম্বৰ : ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা দৃশ্য। গুণ উৎসৱৰ জয়ঢোল বজোৱাৰ পাচত শিক্ষা বিভাগত প্ৰকৃততে কিমান পৰিবৰ্তন আহিল। এতিয়াও দুৰ্বল আন্তঃগাঁথনিৰে চলি আছে বহুতো বিদ্যালয়। জৰাজীৰ্ণ জুপুৰি সদৃশ এইখন টিংখাঙৰ মাহমৰা- বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত থুলাই প্ৰাথমিক বিদ্যালয়। ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ২০১৩ চনত। জয়পুৰ শিক্ষাখণ্ডৰ অধিনৰ বিদ্যালয়খনত ৫১ জন ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে আছে দুজন শিক্ষক। প্ৰাদেশীকৰণৰ ৬ বছৰ উকলি যোৱাৰ পাচত বিদ্যালয়খনত ৰান্ধনীশাল আৰু প্ৰসাৱগাৰৰ ব্যৱস্থা হ'ল ঠিকেই কিন্তু কোনো পৰিবৰ্তন নাহিল মূল বিদ্যালয় গৃহটোলৈ। চাওঁক কিদৰে বাঁহৰ ভগাবেৰাৰ মাজতে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া শিশুসকলে। এজাক সামান্য বতাহতে ভাঙি পৰিব পাৰে এই বিদ্যালয় গৃহটো। আনহাতে বিদ্যালয়খনৰ টিনপাটত থকা জলঙাবোৰলৈ মন কৰকচোন। বৰষুণ আহিলেই বিদ্যালয়গৃহ এৰি পলাব লগা হয় শিক্ষক - শিক্ষাৰ্থী। বিদ্যালয়ৰ শিক্ষক দুজনে গাঁওবাসীৰ সহযোগত নিজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হয় বিদ্যালয় গৃহ।

Byte - (1)-প্ৰধান শিক্ষক।Conclusion:বিদ্যালয়ৰ দুৰ্বল আন্ত:গাঁঠনিৰ বিষয়ে বিদ্যালয়ৰ তৰফৰ পৰা বাৰম্বাৰ আবেদন কৰাৰ পাচতো আজিলৈকে কোনো সুফল লাভ কৰা নাই।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.