মৰাণ,১৬ ফেব্ৰুৱাৰীঃ উজনি অসমৰ এখন উল্লেখযোগ্য চহৰ হৈছে মৰাণ চহৰ । শিক্ষা, সাহিত্য চৰ্চাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক ক্ষেত্ৰ লৈকে অসমৰ ভিতৰতে আগবঢ়া মৰাণ চহৰ । দৈনন্দিন অসমৰ আগশাৰী কাকতত মৰাণৰ লেখকৰ বৌদ্ধিক চিন্তা প্ৰকাশ পায়, অলপ দিনতে মৰাণৰ কবিয়ে উচ্চ মানৰ সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । আজিৰ দিনত অসমৰ সাহিত্য ক্ষেত্ৰৰ কথা আলোচনা কৰিলে মৰাণক বাদ দি আলোচনা কৰাটো সম্ভৱ নহয় । তেনে স্থলত মৰাণ শাখা সাহিত্য সভা কাৰ্যালয়টো জৰাজীৰ্ণ অৱস্থাত থকা বিষয়টোয়ে লজ্জানত কৰিছে মৰাণবাসীক । মৰাণৰ বহু নাম থকা ব্যক্তিয়ে মৰাণ শাখা সাহিত্য সভাৰ দায়িত্ব লৈ বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে কিন্তু কাৰো যেন চকুত নপৰিল সাহিত্য সভাৰ কাৰ্যালয়টোত ।
১৯৯৭ চনৰ ১৭ জন তাৰিখে ড৹ নগেন শইকীয়াই শুভ উদ্বোধন কৰা মৰাণ মিৰহোলাত অৱস্থিত মৰাণ সাহিত্য সভাৰ কাৰ্যালয়টো হাবি জংঘলেৰে ভৰপূৰ হৈ গোহালি সদৃশ হৈ পৰিছে । আটকধুনীয়া সাহিত্য সভাৰ কাৰ্যালয়টো কিছুমান লোকৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বাবেই জৰাজীৰ্ণ ৰূপ লোৱাত ক্ষোভ উজাৰে স্থানীয়ই । মৰাণৰ কামৰুণ নাহাৰা বেগমে সাহিত্য সভাৰ নামত ভূমি দান কৰাৰ পাছতে শাখা কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছিল । প্ৰথম অৱস্থাত সভাৰ সকলো অনুষ্ঠান কাৰ্যালয়টোতে কৰা হৈছিল যদিও দিন বাগৰাৰ লগে লগে কাৰ্যালয়টো এলাগী কৰি পেলালে । কেইবা লাখ টকাৰে নিৰ্মাণ কৰা কাৰ্যালয়টো আজিও বৃহৎ আকাৰে নামফলক লাগি আছে যদিও দায়িত্বত থকা কোনো সভাৰ সদস্যই কাৰ্যালয়টোলৈ নাহে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । মৰাণত এটা শক্তিশালী সাহিত্য সভা সমিতি থকাৰ পাছতো সভাৰ কাৰ্যালয়টো ভূত বাংলালৈ পৰিণত হোৱাটো চিন্তাৰ কাৰণ । সাহিত্য সভাৰ দায়িত্বত থকা ব্যক্তি সকলৰ পৰা কাৰ্যালয়টো এলাগী হৈ পৰি থকা বিষয়ত জানিবলৈ চেষ্টা কৰিলেও কোনো ধৰণৰ সঁহাৰি পোৱা নাযায় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । মৰাণৰ দৰে এখন আগশাৰী চহৰত অসমীয়া জাতিৰ ধ্বজা বাহক সাহিত্য সভাৰ কাৰ্যালয়টোৱে জৰাজীৰ্ণ ৰূপত এলাগী হৈ পৰি থকাটো জাতিটোৰ বাবে দুৰ্ভাগ্য ।
উল্লেখ্য যে, বিগত ২৩ জানুৱাৰী আগন্তুক কাৰ্যকালৰ বাবে (2020-22 বৰ্ষৰ) মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্তক সভাপতি, লেঙেৰী কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈক উপ সভাপতি , অকণ ভূঞাক সম্পাদক, ৰাণু গগৈক সহকাৰী সম্পাদিকা, সুনীল গগৈক পত্ৰিকা সম্পাদিকা, আৰু ৰাজু মিশ্ৰ কোষাধ্যক্ষ ৰূপে লৈ সোতৰজনীয়া এখন নতুন মৰাণ শাখা সাহিত্য সভা সমিতি গঠন কৰা হয় । মৰাণৰ ৰাইজে আশা কৰিছে মৰাণ শাখা সাহিত্য সভাৰ নতুনকৈ দায়িত্ব লোৱা কমিটি খনে কাৰ্যালয়টো পুনৰ উজ্বিৱিত কৰিবলৈ চেষ্টা কৰিব ।
আৰু পঢ়কঃ উছেইন বল্টৰ অভিলেখ ভংগ কৰা কৰ্ণাটকৰ শ্ৰীনিবাস গৌড়া