ETV Bharat / state

ধোঁৱা চাঙত চৰকাৰী আঁচানি; ডিমৌত কোটি টকীয়া চৰকাৰী আঁচনি ধ্বংসৰ গৰাহত

author img

By

Published : Oct 9, 2021, 2:21 PM IST

থাওৰাৰ ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰত ধ্বংস হৈ পৰি ৰৈছে কোটি কোটি টকাৰ সামগ্ৰী ৷ কেন্দ্ৰটো পুনৰ উজ্জীৱিত কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে ৷

Poor condition of Department centre of Tea tribe community
অপচয় চৰকাৰী ধন

মৰাণ, 9 অক্টোবৰ : আগফালে ডাং, পিছফালে ধোবাং-বাং ৷ এই আপ্তবাক্যশাৰী প্ৰতিফলিত হৈছে ৰাজ্য চৰকাৰৰ চৰকাৰী আঁচনি সমূহত ৷ ৰাজ্যৰ জনসাধাৰণৰ বাবে চৰকাৰে ইখনৰ পাচত সিখনকৈ চৰকাৰী আঁচনি মুকলি কৰিছে ৷ কিন্তু প্ৰকৃততে কিমান চৰকাৰী আঁচনি কাৰ্যকৰী হৈ আছে, সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ কি জলসিঞ্চন আঁচনি, কি চৰকাৰী আবাস গৃহ নিৰ্মাণ সকলোতে দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপিত আহিছে ৷

এইবাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে থাওৰাৰ ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰত ৷ কিয়নো কোটি টকীয়া ডিমৌ চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰটো বৰ্তমান ধ্বংসৰ গৰাহত পৰিছে ৷ এই কেন্দ্ৰটো পুনৰুজ্জিবিত কৰাৰ বাবে কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে ৷

ধোঁৱা চাঙত চৰকাৰী আঁচানি

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতী সকলৰ শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে ঘোষণা কৰে বহু অভিলাষী আঁচনি । আনকি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সততে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ কথা কৈ থাকে ৷ কিন্তু প্ৰকৃততে চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱক-যুৱতী সকলৰ বাবে কিমান উন্নতি কৰিছে ৰাজ্য চৰকাৰে ? এই প্ৰশ্ন সাধাৰণ ৰাইজৰ ৷

লগতে পঢ়ক : ৰাজকন্যাৰ ঘটনাত নিজৰ নাম সাঙোৰ খোৱা সন্দৰ্ভত কি স্পষ্টীকৰণ দিলে ডিজিপিয়ে ?

কিয়নো অসম চৰকাৰৰ অধীনত থকা ডিমৌৰ চাহ তথা প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ দক্ষতা বিকাশ কেন্দ্ৰটো বৰ্তমান মৃত্যুমুখলৈ গতি কৰিছে ৷ অভিযোগ অনুসৰি, কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰিছে H.P. নামৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা পৰিচালিত ঠিকাদাৰ বিপুল বৰুৱা নামৰ ব্যক্তিজনে । বৰ্তমানেও চোৱা চিতা কৰি থকাৰ বাবদ মাহে তিনি হাজাৰ টকা বেতন দি দিন-ৰাতিৰ বাবে এজন চকিদাৰ নিয়োগ কৰি দায়িত্ব শেষ কৰিছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ।

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ বাবে অহা সামগ্ৰী বছৰ বছৰ পেলাই ধ্বংসৰ গৰাহলৈ ঠেলি দিছে মন্ত্ৰী সঞ্জয় কিষানৰ বিভাগ চাহ তথা চাহ জনজাতি কল্যাণ বিভাগে । অতি মূল্যৱান কম্পিউটাৰ, কাপোৰ চিলাই মেচিনকে ধৰি বহু সামগ্ৰী বহু বছৰ ধৰি বিতৰণ নকৰাকৈ পেলাই থৈ চৰকাৰী ধন অপচয় কৰিছে বিভাগটোৱে ।

এই অভিযোগ কৰিছে চাহ জনগোষ্ঠীৰ একাংশ লোক তথা কেন্দ্ৰটোত চোৱা-চিটাৰ দায়িত্বত থকা কৰ্মচাৰীজনে ৷ সেয়ে দক্ষতা বিকাশ কেন্দ্ৰটো পুনৰ উজ্জীৱিত কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰ লগতে থাওৰাৰ ৰাইজে ।

লগতে পঢ়ক : অসম-মেঘালয় সীমান্তৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ মন্ত্ৰী গোটৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.