ETV Bharat / state

Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

জকাই বৰবিলৰ বৃদ্ধ দম্পতীৰ দুৰ্বিসহ জীৱন কাহিনী Etv Bharat ত প্ৰচাৰ হোৱাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ লগতে মৰাণ-সোণোৱাল কছাৰী উন্নয়ন সমিতি আৰু স্থানীয় সমাজকৰ্মী মোহন সোণোৱাল । বৃদ্ধ দম্পতীটোৰ উৰুখা পঁজাটি মেৰামতি কৰিবৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷

poor-condition-of-a-family-in-jokai
জকাই বৃদ্ধ দম্পতীক সহায়ৰ বাবে আগবাঢ়ি আহিল ভিন্ন জন
author img

By

Published : Jun 7, 2021, 9:13 AM IST

মৰাণ,7 জুন: ডিব্ৰুগড়ৰ জকাই বৰবিলৰ এটি বৃদ্ধ দম্পতীক সহায়ৰ হাত আগবঢ়ালৈ আগবাঢ়ি আহে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ লগতে মৰাণ-সোণোৱাল কছাৰী উন্নয়ন সমিতি আৰু সমাজকৰ্মী মোহন সোণোৱাল । উল্লেখ্য যে, জকাই বৰবিলৰ এটা বৃদ্ধ দম্পতীৰ দুৰ্বিসহ জীৱন কাহিনী Etv Bharat ত প্ৰচাৰ হোৱাৰ পাচতে বৃদ্ধ দম্পতীটোৰ উৰুখা পঁজাটি মেৰামতি কৰিবৰ বাবে আগবাঢ়ি আহিল ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চ ৷

জকাইত বৃদ্ধ দম্পতীক সহায়ৰ বাবে আগবাঢ়ি আহিল ভিন্নজন

তদুপৰি মৰাণ-সোণোৱাল কছাৰী উন্নয়ন সমিতিয়ে পৰিয়ালটোক বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰে । সমান্তৰালভাৱে ডিব্ৰুগড়ৰ সমাজকৰ্মী মোহন সোণোৱালে এটা দমকলৰ ব্যৱস্থা কৰি দিয়ে ৷ পৰৱৰ্তী এমাহৰ ভিতৰত জিলা সাংবাদিক সুৰক্ষা মঞ্চই বৃদ্ধ দম্পতীটোৰ জৰাজীৰ্ণ ঘৰটি মেৰামতি তথা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে চৰকাৰে বিভিন্ন কল্যাণকামী আঁচনি ঘোষণা কৰিছে যদিও প্ৰকৃতাৰ্থত আজিও বহু পৰিয়ালক এই আঁচনিয়ে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদলৈ জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা আহে ৷ কিন্তু প্ৰকৃত হিতাধিকাৰীসকলে কিয় এই সুবিধা লাভ নকৰে, সেয়া এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক: আকৌ সমস্যাত পৰিব নেকি অনিল নগৰ-নবীন নগৰ বাসী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.