ডিব্ৰুগড় , 29 এপ্ৰিল : বৃহস্পতিবাৰে, আলফা নেতা জীৱন মৰাণক অৰুণাচলৰ পৰা পোনে পোনে নিয়া হৈছে ডিব্ৰুগড়ৰ এক আৰক্ষী চাউনিলৈ । আৰক্ষীৰ এক বৃহৎ কনভয়ে NL O1- 2648 নম্বৰৰ এখন স্ক’ৰপিঅ’ৰ সহায়ত ডিব্ৰুগড়ৰ আৰক্ষী চাউনিলৈ লৈ যায় আলফা নেতা গৰাকীক ৷
উল্লেখ্য যে, আৰক্ষী চাউনিটোত উপস্থিত আছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা সঁজাতি দল । জানিব পৰা মতে, বিয়লি 3 বাজি 35 মিনিটত ডিব্ৰুগড়ৰ আৰক্ষী চাউনিলৈ অনা হৈছে বৰ্ষীয়ান আলফা নেতা গৰাকীক ।