ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চোৰাং তেল

ডিব্ৰুগড় আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল ৷ প্ৰায় 15,000 লিটাৰ তেল জব্দ কৰে আৰক্ষীয়ে ৷ উদ্ধাৰ হোৱা তেলখিনিৰ বজাৰমূল্য প্ৰায় 9 লাখ টকা ৷

author img

By

Published : May 8, 2020, 8:48 PM IST

police seized condenset oil in dibrugarh assam etv bharat news
চোৰাং তেল জব্দ

ডিব্ৰুগড়,8 মে’ঃ লক্​ ডাউনৰ সুযোগ গ্ৰহণ কৰিছে দুষ্ট চক্ৰই ৷ লক্​ ডাউনৰ মাজতে ডিব্ৰুগড়ত অব্যাহত চোৰাং তেলৰ বেহা । ঘটনাৰ বিৱৰণী অনুসৰি, খোৱাঙৰ পৰা অনা প্ৰায় 15,000 লিটাৰ চোৰাং তেল শুকুৰবাৰে জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে ৷ এই তেল অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰাখিছিল খোৱাঙৰ শেনছোৱা পুখুৰীৰ যদু বৰা নামৰ লোকজনৰ বাসগৃহত ৷

চোৰাং তেল জব্দ

উল্লেখ্য যে, ডিব্ৰুগড় আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানটোত চোৰাং তেলৰ ঘাটি উচ্ছেদৰ লগতে হিৰণ্য বৰা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই ৷ আৰক্ষীয়ে এই ব্যৱসায়ত জড়িত এ এচ 06 এল 6444 নম্বৰৰ এখন বিলাসী বাহনৰ লগতে এ এচ 06 এচি 2092 নম্বৰৰ টাটা ডি আই বাহন আৰু দুটা বৈদ্যুতিক মটৰ জব্দ কৰে । উদ্ধাৰ হোৱা তেলখিনিৰ বজাৰমূল্য প্ৰায় 9 লাখ টকা হ’ৱ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে চাওকঃ পৰিচয় ওলাল নলবাৰীত হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.