মৰাণ,২২ ডিচেম্বৰ : নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ মঙলবাৰে ডিমৌত আৰক্ষীৰ হাতত আটক হৈছিল চাবুৱা ৰহমৰীয়াৰ মানস গগৈ ওৰফে মইনা (Manash suspected to join ULFA arrested) । ইয়াৰ পাছতে বুধবাৰে মানস গগৈৰ বাসগৃহত উপস্থিত আৰক্ষীৰ দল । আৰক্ষীয়ে তালাচী চলাই যুৱকজনৰ বাসগৃহত ।
আনহাতে সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানসৰ গগৈৰ মাতৃয়ে । তেওঁৰ মতে সমগ্ৰ ঘটনা মিছা । চকুলো টুকি মাতৃগৰাকীয়ে কয় যে, তেওঁৰ পুত্ৰই আলফাত যোগদান কৰিবলৈ যোৱা নাই । শেহতীয়াকৈ অসম আৰক্ষীৰ প্ৰৱেশ পৰীক্ষাত তেওঁ অৱতীৰ্ণ হোৱাৰ কথাও ক'লে মানসৰ মাতৃয়ে ।
আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ সময়ত মানস গগৈৰ বাসগৃহৰ পৰা কোনো ধৰণৰ আপত্তি জনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মঙলবাৰে চাবুৱাৰ ৰহমৰীয়াৰ মানস গগৈয়ে এখন বাহনত আন এজন যুৱকৰ সৈতে ৩৭ নং ৰাষ্টীয় ঘাইপথেৰে শিৱসাগৰৰ দিশে গৈ থকা অৱস্থাতে ডিমৌ ৰাজমাইৰ সমীপত আৰক্ষীয়ে দুয়োজনকে আটক কৰে (Two youths suspected to join ULFA arrested)।
বৰ্তমান দুয়োজন যুৱকক আৰক্ষীয়ে ডিমৌ আৰক্ষী থানাত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে । ইফালে সমগ্ৰ ঘটনাক লৈ এতিয়াও আৰক্ষীয়ে কোনো মত প্ৰকাশ কৰা নাই । কিন্তু শেহতীয়াকৈ ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা সঘনাই কিছু যুৱকে আলফাত যোগদান কৰাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে চিন্তিত হৈ পৰিছে সচেতন মহল ।
লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে বৈঠক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাৰ