ETV Bharat / state

Moran news : আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী, এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ - মৰাণ আৰক্ষী

আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত অকাল মৃত্যু 11 বছৰীয়া ৰশ্মিতা গড়ৰ ৷ মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ ।

police officers vehicle hit a teenager in moran
আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী
author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 12:47 PM IST

আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী

ডিব্ৰুগড়, 24 অক্টোবৰ: পূজাৰ আনন্দৰ মাজতেই ডিব্ৰুগড়ত শোকাৱহ ঘটনা ৷ আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত 11 বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীৰ নাম ৰশ্মিতা গড় ৷

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া বামুণবাৰীত মিতিৰৰ ঘৰলৈ আহিছিল ৰশ্মিতা মাকৰ সৈতে ৷ মিতিৰৰ ঘৰৰ পৰা পূজা চাবলৈ মাকৰ সৈতে ওলাই গৈছিল কিশোৰী ৰশ্মিতা । মৰাণ-শ'লগুৰি পথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত কয়লাগড়াৰ ওচৰত এখন বিলাসী বাহনে ৰশ্মিতাক পিছফালৰ পৰা খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় 11 বছৰীয়া ৰশ্মিতা । আহত কণমানিজনীক ততাতৈয়াকৈ লেঙেৰীৰ স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰে ৰশ্মিতাক ।

ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন অৱস্থাতে কণমানি ৰশ্মিতাই শেষ নিশ্বাস ত্যাগ কৰে । ইফালে কণমানিজনীক খুন্দা মৰা বাহনখন বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নৰ বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ তুলিছে । অনুপ গায়নে কণমানিজনীক খুন্দা মাৰি পলাবলৈ চেষ্টা কৰোতে স্থানীয় ৰাইজে বাহনখন আগ ভেটি ধৰে ।

উল্লেখ্য যে, বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নৰ বাহনত আঘাতপ্ৰাপ্ত হোৱা আহত কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষী বিষয়া অনুপ গায়নৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

কিন্তু আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মৰাণ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ৷ আনহাতে, স্থানীয় লোক তথা দল-সংগঠন জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে ৷ শীঘ্ৰে অভিযুৃক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দেলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সকিয়নী প্ৰদান কৰিছে ৷

লগতে পঢ়ক: Demand for cancellation of NPS : দিহা নামেৰে নতুন পেন্সন নীতিৰ বিৰোধিতা শিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.