নাহৰকটীয়া, 3 ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইনকলৈ আন্দোলন তীব্ৰতৰ হৈ থকাৰ সময়তে বিগত বৰ্ষৰ ১১ ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ বাসগৃহত কোনো দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল ৷ সোমবাৰে দুলিয়াজান আৰক্ষীয়ে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দুলিয়াজান আৰক্ষী চকীত ৰুজু হোৱা ৬২৬/২০১৯ নম্বৰৰ গোচৰৰ তদন্তত চিচি টিভি ফুটেজৰ ভিত্তিত দুলিয়াজনৰ দুজনকৈ বিজেপি কৰ্মীৰ সৈতে মুঠ তিনিজনক আৰক্ষীয়ে আটক কৰে ৷ ধৃত তিনি দুষ্কৃতিকাৰী ক্ৰমে দেৱজিৎ হাজৰিকা, বিকি সোনাৰ আৰু অৰূপ কাহা ৷ লক্ষ্যণীয় যে দেৱজিৎ হাজৰিকা আৰু বিকি সোনাৰ দুয়োজন বিজেপি দলৰ সক্ৰিয় কৰ্মী ৷
আৰু পঢ়ক : কন্ঠ নহয়, ডিব্ৰুগড়ত জুবিনৰ দুভৰিৰ যাদু