মৰাণ,৩ এপ্ৰিল : অসমবাসীৰ বাবে সুখবৰ । ব'হাগত অসমবাসীক প্ৰধানমন্ত্ৰীয়ে দিব এক বিশেষ উপহাৰ । আৰম্ভ হ'ব নামৰূপৰ বৰ্ধিত মিথানল প্ৰকল্প (Methanol Project in Namrup)। ১৪ এপ্ৰিলত ভাৰতলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । সৰুসজাই ষ্টেডিয়ামত বিহুৰ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী । সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে ৰাইজক উপহাৰ দিব নামৰূপৰ অসম পেট্ৰ'কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্প (PM Modi to inaugurates Methanol project)। ভাৰ্ছুৱেলী সৰুসজাই ষ্টেডিয়ামৰ পৰাই তেওঁ মুকলি কৰিব বহু প্ৰত্যাশিত মিথানল প্ৰকল্পটো ।
কৰ্তৃপক্ষই জনোৱা মতে প্ৰকল্পটোত দৈনিক উৎপাদন হ'ব ৫০০ টন মিথানল আৰু ২০০ টন ফৰ্মেলিন । ইয়াৰ দ্বাৰা কেৱল ভাৰতেই নহয় । চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল আৰু বাংলাদেশো উপকৃত হ'ব (Expansion of Methanol Project in Assam)।
২০১৩ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত আৰম্ভ হৈছিল এই বৰ্ধিত মিথানল প্ৰকল্পটোৰ কাম । তাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবাঢ়িছিল । ভাৰতৰ ১১ টাকৈ কোম্পানীয়ে শেহতীয়াকৈ ইয়াৰ কাম সম্পূৰ্ণ কৰিছে (Namrup Methanol project completes)।
ইফালে এই প্ৰকল্প দেশৰ ভিতৰতে এক লাভজনক উদ্যোগ হ'ব বুলিও আশাবাদী অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা (APL Assam)। দুই-তিনি শতাধিক নিৱনুৱাইয়ো সংস্থাপন লাভ কৰিব প্ৰায় 1800 কোটি টকা খৰছেৰে নিৰ্মাণ হোৱা এই প্ৰকল্পটোত । সূত্ৰৰ মতে এই প্ৰকল্পৰ পাছত আন কেইবাটাও নতুন পৰিকল্পনা আছে অসম চৰকাৰ আৰু অসম পেট্ৰ'কেমিকেল লিমিটেডৰ ।
উল্লেখ্য যে, এই প্ৰকল্পটো ২০২২ চনতে আৰম্ভ হোৱাৰ কথা আছিল । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । ইফালে বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে প্ৰকল্পটো সম্পূৰ্ণ হোৱা নাছিল বুলি অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই জনাইছে । অৱশ্যে অৱশেষত এই প্ৰকল্পটো মুকলি হ'ব বুলি খবৰ ওলোৱাৰ পাছতে উৎসাহিত হৈ পৰিছে অসমৰ ৰাইজ ।
লগতে পঢ়ক: Boko MLA Nandita Das controversy : কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ; বিতৰ্কত বিধায়িকা নন্দিতা দাস