ETV Bharat / state

গছপুলি ৰোপন কৰি প্ৰদূষণ ৰোধ কৰাৰ চেষ্টা ডিব্ৰুগড় জিলা প্ৰশাসনৰ

author img

By

Published : Jul 5, 2021, 10:16 PM IST

72 সংখ্যক বন মহোৎসৱৰ উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ ৷ ঠায়ে ঠায়ে গছপুলি ৰোপনৰ লগতে সজাগতা সভাৰ আয়োজন ডিব্ৰুগড় জিলা বন সংমণ্ডলৰ ৷

planting of saplings and Awareness
72 সংখ্যক বন মহোৎসৱ

ডিব্ৰুগড়, 5 জুলাই : 1 জুলাই পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে 72 সংখ্যক বন মহোৎসৱ ৷ এই বন মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা হৈছে গছপুলি ৰোপন কাৰ্যসূচী । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিটো স্থানতে বন বিভাগে অনুষ্ঠিত কৰিছে সজাগতা সভা ৷

ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলাৰ বন সংমণ্ডলেও এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ ডিব্ৰুগড়ৰ চহৰৰ বিভিন্ন স্থানত ইতিমধ্যে লক্ষ্যধিক গছপুলি ৰোপন কৰিছে বন বিভাগে । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ উদ্যোগত লেকাই ঠাকুৰথান জাৱৰ নিষ্কাষণ প্ৰকল্পত 1 হাজাৰো অধিক গছপুলি ৰোপন কৰা হয় ৷

72 সংখ্যক বন মহোৎসৱ

উল্লেখ যে, ডিব্ৰুগড় জিলাৰ লেকাই ঠাকুৰথান জাৱৰ নিষ্কাষণ প্ৰকল্পৰ জৰিয়তে ডিব্ৰুগড় চহৰৰ আৱৰ্জনা বৈজ্ঞানিক পদ্ধতিৰে নিষ্কাষণৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু যিধৰণে প্ৰকল্পটোত নিষ্কাষণৰ ব্যৱস্থা কৰা হৈছে সেই প্ৰণালীত প্ৰদূষণৰ সম্ভাৱনা অধিক বুলি একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

যি কি নহওক প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ লেকাইত নতুনকৈ নিৰ্মাণ কৰি থকা ৰাজ্যৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্পত গছপুলি ৰোপন কৰে বন বিভাগ তথা জিলা প্ৰশাসনে ৷ এই কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ু্ক্ত সহ ডিব্ৰুগড় জিলা বনবিষয়া প্ৰদীপ্ত বৰুৱা, বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা আদি ৷ ইয়াৰ লগতে ডিব্ৰুগড় গেছক্ৰেকাৰ প্ৰকল্পতো বন বিভাগে গছপুলি ৰোপন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ডিব্ৰুগড় জিলা বন বিভাগে ৷

লগতে পঢ়ক: একাংশ আশ্ৰয়হীন লোকক লৈ নগাঁৱত আতংক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.