ডিব্ৰুগড়, 9 জানুৱাৰী: ৰাজ্যত অব্যাহত থকা গাহৰি ছিণ্ডিকেট কোনো নতুন কথা নহয় (Pig Syndicate in Assam) ৷ ভোগালী বিহুৰ প্ৰাকক্ষণত বৰ্তমান ৰাজ্যলৈ ব্যাপক হাৰত আমদানি ঘটিছে বহিঃৰাজ্যৰ গাহৰি ৷ যি গাহৰিয়ে দখল কৰিছে ৰাজ্যৰ প্ৰায় সংখ্যক বজাৰ ৷ যাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে থলুৱা গাহৰি পালক অথবা ব্যৱসায়ীসকল ৷
উল্লেখ্য যে, অসমত গাহৰি অথবা অন্য পশুধনৰ খাদ্য প্ৰস্তুতকৰণ কোম্পানী নথকাত বহিঃৰাজ্যৰ পৰা অহা গাহৰিৰ খাদ্য বা দানা অসমত অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হয় । পশুখাদ্যৰ মূল্যৰ এনে তাৰতম্যৰ বাবেই অসমৰ থলুৱা গাহৰি মাংসতকৈ বহিঃৰাজ্যৰ পৰা অহা গাহৰি মাংসৰ দাম যথেষ্ট কম ৷ যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে থলুৱা গাহৰি পালকৰ ওপৰত (Assam Pig herders) ।
অসমত গাহৰি মাংসৰ ব্যাপক চাহিদা থকাৰ পাছতো বহিঃৰাজ্যৰ গাহৰিৰ সৈতে ফেৰ মাৰিব পৰা নাই থলুৱা গাহৰি পালক তথা ব্যৱসায়ীসকলে (Pig farming in Assam) ৷ অসম গাহৰি মাংসৰ চাহিদা বৃদ্ধিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছিল শিক্ষিত উদ্যোগী যুৱক-যুৱতীসকললৈ ৷ বহু যুৱক-যুৱতীয়ে গাহৰি পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো জীৱিকাৰ একোটাকৈ পথ দিয়াৰ বাবে আগবাঢ়ি আহিছে । কিন্তু এতিয়া বিপাঙত পৰিছে থলুৱা গাহৰি পালকসকল । বহিঃৰাজ্যৰ গাহৰি অসমত কম দামত উপলব্ধ হোৱাৰ বাবে থলুৱা ব্যৱসায়ীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই ৷
টিংখাঙৰ বাইলুং ভেটিৰ মনদীপ চেতিয়া নামৰ যুৱকজন বিগত প্ৰায় ২০ বছৰ ধৰি গাহৰি ব্যৱসায়ৰ সৈতে জড়িত (Pig farming at Tingkhong) । উন্নত জাতৰ ইয়ৰ্কছায়া আৰু ডিউৰক প্ৰজাতিৰ শতাধিক গাহৰি বৰ্তমান তেওঁৰ ফাৰ্মত উপলব্ধ । মনদীপ চেতিয়া গাহৰিৰ মাংসৰ লগতে পোৱালি প্ৰজননৰ সৈতেও জড়িত ।
বৰ্তমান একোটা গাহৰি পোৱালি 5000 হাজাৰ টকাত গ্ৰাহকক বিক্ৰী কৰি থকা মনদীপে আগ্ৰহী নিৱনুৱাক চুক্তি ভিত্তিত প্ৰাৰম্ভিক পৰ্যায়ত বিনামূলীয়াকৈ গাহৰি পোৱালি যোগান ধৰি এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে । পিছে বহিঃৰাজ্যৰ গাহৰিয়ে অবাধে অসমৰ বজাৰ দখল কৰাৰ ফলত পূৰ্বৰ তুলনাত ব্যৱসায়িক লাভালাভ যথেষ্ট হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে উদ্যোগী যুৱকজনে ।
ৰাজ্যজুৰি থলুৱা পালকসকলে লোকচানৰ সন্মুখীন হৈ আহিব লগা হৈছে যদিও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । অভিযোগ অনুসৰি ৰাজনৈতিক প্ৰভাৱ খটুৱাই ৰাজ্যৰ এটা শক্তিশালী চক্ৰই অধিক মুনাফা লাভৰ বাবে বহিঃ ৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰি আহিছে । অৰ্থাৎ ৰাজ্যত ব্যাপক হাৰত চলি আছে গাহৰিৰ ছিণ্ডেকেট(Pig Syndicate continues in Assam) ৷ কিন্তু এই ছিণ্ডিকেট ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই পশুপালন বিভাগ ৷ এনে ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: Zubeen Garg in Dibrugarh: আগন্তুক পৰিকল্পনাৰ কথা ক’লে জুবিন গাৰ্গে