ETV Bharat / state

এম্বুলেঞ্চৰ অভাৱত ৰাজপথতে পৰি ৰ'ল আহত ব্যক্তি - স্বাস্থ্য বিভাগ

যিটো সময়ত সভা-সমিতিয়ে স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে, তেনে সময়তে ডিব্ৰুগড়ত এখন এম্বুলেঞ্চ বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ এঘণ্টাৰো অধিক সময় ৰাজপথতে পৰি ৰ'ল দুৰ্ঘটনা পতিত লোক ৷

এম্বুলেঞ্চৰ অভাৱত ৰাজপথতে পৰি ৰ'ল দুৰ্ঘটনা পতিত লোক

author img

By

Published : Mar 21, 2021, 5:53 PM IST

ডিব্ৰুগড়,21 মাৰ্চ: উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ডিব্ৰুগড়ত স্থানীয় লোকৰ ক্ষোভ প্ৰকাশ ৷ যিটো সময়ত সভা-সমিতিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ উন্নয়নৰ গান গাই আহিছে, তেনে সময়তে ডিব্ৰুগড়ত এখন এম্বুলেঞ্চ বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ ডিব্ৰুগড়ত বাৰে বাৰে স্বাস্থ্য বিভাগৰ ১০৮ জৰুৰীকালীন সেৱাৰ লগত সংযোগ স্থাপন কৰিও নাপালে কোনো সঁহাৰি ৷ এঘণ্টাৰো অধিক সময় ৰাজপথতে পৰি ৰ'ল দুৰ্ঘটনা পতিত লোক ৷

এম্বুলেঞ্চৰ অভাৱত ৰাজপথতে পৰি ৰ'ল দুৰ্ঘটনা পতিত লোক

ঘটনা অনুসৰি, শনিবাৰে নিশা লাহোৱাললৈ তেলপানী গাঁৱৰ কৃষ্ণ গগৈ নামৰ লোকজনে বাইকেৰে গৈ অৱস্থাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় ৷ বহুসময় ধৰি আঘাতপ্ৰাপ্ত লোকজন ৰাজপথতে পৰি থকাত প্ৰত্যক্ষদৰ্শীয়ে ১০৮ জৰুৰীকালীন সেৱাৰ মৃত্যুঞ্জয় এম্বুলেঞ্চক বাৰে বাৰে ফোন কৰে যদিও কোনো উত্তৰ নাপায় ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা লোকজনক চিকিৎসালয়লৈ নিয়াৰ বাবে এখনো এম্বুলেঞ্চ নথকাত ক্ষোভিত হৈ পৰে লোকসকল ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধি ভংগ: সৰ্থেবাৰীত ৭৩,১০০ টকা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.