ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত চাবুৱা সমষ্টিৰ নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jan 6, 2021, 3:45 PM IST

উন্নয়নৰ শ্ল'গানৰে দিছপুৰ দখল কৰা চৰকাৰৰ কাৰ্যকাল শেষ হ'ব হ'ল ৷ কিন্তু চাবুৱা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ নাদুৱা গ্ৰান্ট তিনিআলিৰ পৰা হাতীগাধৈ হৈ খাগৰি মাইজান সংযোগী পথটো আজিকোপতি নিৰ্মাণ নহ'ল ৷ যাৰ পৰিপেক্ষিত আজি পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজে ৷

people-protest-for-road-making-at-dikom
পথ নিৰ্মাণৰ দাবীত চাবুৱা সমষ্টিৰ নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

মৰাণ, 6 জানুৱাৰী : এটা পথৰ দুৰৱস্থাই ফোপোলা স্বৰূপ উদঙাইছে উন্নয়নৰ শ্ল'গানেৰে দিছপুৰ দখল কৰা বিজেপি চৰকাৰৰ ৷ চাবুৱা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ নাদুৱা গ্ৰান্ট তিনিআলিৰ পৰা হাতীগাধৈ হৈ খাগৰি মাইজান সংযোগী পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত আজিকোপতি বিভাগীয় কৰ্তৃপক্ষৰ লগতে সমষ্টিটোৰ জন প্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজে ৷

এই পৰিপ্ৰেক্ষিততে অঞ্চলটোৰ ৰাইজে পথটোৰ নিৰ্মাণৰ দাবীত এক প্ৰতিবাদ সাব্যস্ত কৰে ৷ গাঁৱৰ যুৱকসকলে বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিধায়ক বিনোদ হাজৰিকা মুৰ্দাবাদ, আমাক পকীপথ লাগিব, বিনোদ হাজৰিকা হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, নাদুৱা গ্ৰান্ট গাঁৱৰ তিনিআলিৰ পৰা হাতীগাধৈ হৈ খাগৰি মাইজানলৈ প্ৰায় ৩ কিল'মিটাৰ দূৰত্বৰ এই পথচোৱা বিগত কংগ্ৰেছ চৰকাৰৰ দিনটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.