নাহৰকটীয়া 18 এপ্ৰিলঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া কৰ'ণাৰ বিভীষিকা কৰ'ণা ৰোগৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰীয়ে বিগত ২৪ মাৰ্চতে দেশজুৰি ঘোষণা কৰিছে লক ডাউন ৷ যাৰ ফলত অসমৰ বহু শ্ৰমিক আবদ্ধ হৈ পৰিছে বহিঃৰাজ্যত ৷ এই মূহুৰ্তত ইটিভি ভাৰতৰ হাতত আহি পৰিছে এটা ভিডিঅ য'ত কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা অসমৰ একাংশ শ্ৰমিকে তেওঁলোকক উদ্ধাৰৰ বাবে আহ্বান জনাইছে অসম চৰকাৰক ৷ উল্লেখ্য যে তামিলনাডুৰ চালেম জিলাত আবদ্ধ হৈ পৰা অসমৰ এই শ্ৰমিক সকলৰ অধিকাংশই মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ নামৰূপৰ ২নং বৰখেৰমীয়া গাঁৱৰ ৷
লগতে পঢকঃ দ্বিতীয় দিনাও নাকচ বিধায়ক আমিনুল ইছলামৰ জামিন আবেদন