ETV Bharat / state

Patient allegedly dies due to wrong treatment:ৰোগীৰ মৃত্যুক লৈ হাস্পতালত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়ৰ ইউৰোভিজন হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ গুৰুতৰ অভিযোগ ৷

wrong medical treatment in dibrugarh
চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ গুৰুতৰ অভিযোগ
author img

By

Published : Jul 27, 2023, 8:21 PM IST

চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ গুৰুতৰ অভিযোগ

ডিব্ৰুগড়, 27 জুলাই : ডিব্ৰুগড়ৰ বহু ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে পৰ্যাপ্ত সুবিধা নথকাকৈ চিকিৎসা চলাই অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ বিভিন্ন সময়ত উখাপিত হৈ আহিছে ৷ এনেধৰণৰ অভিযোগ সন্দৰ্ভত বিভিন্ন সময়ত চৰ্চা হৈ থকা সময়তে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ইউৰোভিজন হাস্পতালত ভুল চিকিৎসাৰ বাবে এগৰাকী ৰোগীৰ মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ইউৰোভিজন হাস্পতালখনৰ বিৰুদ্ধে একেলগে ওলাই আহিছে ৰাইজ ৷ ইউৰোভিজন হাস্পতালখনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে আগতেও তাত চিকিৎসকৰ ভুলৰ বাবে ৰোগীৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ইউৰোভিজন হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । মহিলাৰ ভুল চিকিৎসাৰ অভিযোগ তুলি ইউৰোভিজন হাস্পতালত প্ৰতিবাদ কৰে ৰাইজে । কালি নিশা চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে দুবছৰীয়া সন্তানৰ মাতৃ ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱৰ ২২ বছৰীয়া পল্লৱী পাত্ৰৰ মৃত্যু হয় । কিডনী ষ্টোনৰ অস্ত্ৰোপচাৰৰ বাবে ইউৰোভিজন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মহিলা গৰাকীক । কিন্তু হিম’গ্লবিন কম হৈ থকাৰ পিছতো অস্ত্ৰোপচাৰ কৰাৰ ফলতে পল্লৱী পাত্ৰৰ মৃত্যুৰ অভিযোগ স্বামীৰ ।

শল্য চিকিৎসক ডাঃ অপৰাজিত শাণ্ডিল্যৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ । ইফালে ডায়েল’চিছ কৰিম বুলি ৰোগীৰ অভিভাৱকৰ স্বাক্ষৰ গ্ৰহণ কৰিও ডায়েল’চিছ কৰা নহ’ল ৰোগীক । উল্লেখ্য যে-পূৰ্বেও চিকিৎসালয়খনত এনে ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল । ইয়াৰ পিচতো চৰকাৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ কৰা লগতে অতি শীঘ্ৰে হাস্পতালখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে ।

লগতে পঢ়ক : Dibrugarh Airport: ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন, অৱতৰণ নহ’ল দুখন ইণ্ডিগ’ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.