ETV Bharat / state

অসম আৰক্ষীক ধন্যবাদ জনালে মোহিনী মোহন গগৈৰ পিতৃ মাতৃয়ে

author img

By

Published : Apr 24, 2021, 5:31 PM IST

Updated : Apr 24, 2021, 6:06 PM IST

অৱশেষত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ হ'ল অপহৃত ONGC ৰ দুই বিষয়া ক্ৰমে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ ৷ এই খবৰ পোৱা পাচতে দুই বিষয়াৰ পৰিয়ালত আনন্দ বন্যা বোৱা দেখা গৈছে ৷ উল্লেখ্য যে, এতিয়ালৈকে কোনো খবৰ পোৱা নাই ৰিতুল শইকীয়াৰ ৷

অসম আৰক্ষীক ধন্যবাদ জনালে মোহিনী মোহন গগৈৰ পিতৃ মাতৃয়ে
অসম আৰক্ষীক ধন্যবাদ জনালে মোহিনী মোহন গগৈৰ পিতৃ মাতৃয়ে

মৰাণ, 24 এপ্ৰিল : বহু অপেক্ষাৰ অন্তত আজি লাকুৱা তৈলখাদৰ পৰা অপহৃত দুই কৰ্মচাৰীক উদ্ধাৰ কৰে অসম আৰক্ষীয়ে । সেনা আৰু অসম ৰাইফলচৰ যুটীয়া অভিযানত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হয় অপহৃত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক ।

ডিব্ৰুগড় খোৱাঙৰ মোহিনী মোহন গগৈৰ পিতৃ মাতৃয়ে পুত্ৰ উদ্ধাৰ হোৱা বুলি খবৰ পোৱাৰ পাচতে অসম আৰক্ষী আৰু সংবাদ মাধ্যমক ধন্যবাদ জনায় । লগতে এতিয়াও দুৰ্বৃত্তৰ কৱলত থকা ৰিতুল শইকীয়াক মুকলি কৰিবলৈ আহ্বান জনাই মোহিনী মোহন গগৈৰ পিতৃ-মাতৃয়ে ।

উল্লেখ্য যে, লাকুৱা অ’এনজিচিত কৰ্মৰত মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক যোৱা 20 এপ্ৰিলত অপহৰণ কৰে 5 জনীয়া বন্দুকধাৰী অচিনাক্ত এটা দলে ৷ জিজিএছ-8 ৰ এটা ৰীগৰ পৰা অপহৃত হৈছিল বিষয়া কেইগৰাকী ৷

বৰ্তমান মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক নাগালেণ্ড আৰক্ষীৰ সহযোগত আচাম ৰাইফলছৰ এটা দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়ালৈকে কোনো খবৰ পোৱা নাই অতুল শইকীয়াৰ ৷ অতুল শইকীয়াৰ সন্ধান্তত অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষীৰ এক বিশেষ সুত্ৰই ৷

মন কৰিবলগীয়া যে, এই অপহৰণৰ লগত এতিয়ালৈকে কোন জড়িত আছে সেয়া এতিয়া স্পষ্ট হোৱা নাই ৷ লগতে জানিব পৰা হোৱা নাই ONGCৰ তিনি বিষয়া-কৰ্মচাৰীক কি কৰাণ অপহৰণ কৰা হৈছে ৷ ইফালে এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

Last Updated : Apr 24, 2021, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.