ETV Bharat / state

AMCH Maharajat Jayanti: AMCH ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত পাপনৰ সংগীতানুষ্ঠান - অসম চিকিৎসা মহাবিদ্যালয়

উত্তৰ-পূবৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই নিজৰ সুৰীয়া কণ্ঠেৰে মুহিলে হাজাৰ হাজাৰ দৰ্শকৰ মন । অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত গোৱা প্ৰতিটো গীততে হিয়া উজাৰি নাচিলে উপস্থিত দৰ্শকে ।

Papon
পাপনৰ সংগীতানুষ্ঠান
author img

By

Published : Nov 4, 2022, 5:04 PM IST

চিটাৰা ডেস্ক, 4 নৱেম্বৰ : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ 'মহাৰজত জয়ন্তী' সমাৰোহৰ সামৰণি অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায় ৷ সামৰণি অনুষ্ঠানত বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ৷

পাপনৰ সংগীতানুষ্ঠান

1947 চনৰ 3 নৱেম্বৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে উদ্বোধন কৰা এই ঐতিহাসিক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হৈছে সমগ্ৰ উজনি অসমৰ হৃদপিণ্ড স্বৰূপ,আৰ্তজনৰ বাবে ভৰসা আৰু সঞ্জীৱনীৰ থল । ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছতে স্থাপিত হোৱা এই চিকিৎসা মহাবিদ্যালয়খনে 75 বছৰ অতিক্ৰম কৰিছে ।

1 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত ( Closing ceremony of AMCH's Maharajat Jayanti ) মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, উপায়ুক্ত বিশ্বজিৎ পেগু, শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এ এম চিৰ আন্তগাঁথনিৰ বাবে 300 কোটি টকা অনুদান ঘোষণা কৰে । এই পুঁজিৰে চিকিৎসকৰ বাবে আৱাসিক কোৱাৰ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে । অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এই 75 বছৰত 9172 জন উত্তীৰ্ণ হৈ বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিষ্ঠিত হৈ আছে । এই মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিবেশন কৰা লগতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক : Kangana Ranaut at Bokakhat: শ্বুটিংস্থলী বিচাৰি অসমলৈ আহিল কুইন কংগনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.