মৰাণ, 4 ডিচেম্বৰ : কালিকা লাগিছে নেকি কংগ্ৰেছত ? সুশান্ত, ৰূপজ্যোতি গ’ল, শশীকান্তও বহিস্কাৰ হ’ল ৷ এইবাৰ চৰ্চাত পৱন সিং ঘাটোৱাৰ (Senior congress leader Paban Singh Ghatowar) ৷ উজনি অসমৰ জ্যেষ্ঠ তথা একালৰ প্ৰতাপী কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ কাৰ্য-কলাপে সৃষ্টি কৰিছে সন্দেহৰ ৷ চাৰিমাহৰ ভিতৰত দুবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক প্ৰাক্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷
যোৱা অক্টোবৰ মাহৰ পহিলা দিনটোত ডিব্ৰুগড় ভ্ৰমণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Paban Singh Ghatowar meets Himanta Biswa Sarma)৷ এইবাৰ পুনৰ সোমবাৰে নিশা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে ঘাটোৱাৰে ৷ এই কাৰ্যই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ৷ কিয়নো ৰাজ্যত এতিয়া সুলভ হৈ পৰিছে দল বাগৰাৰ খেল ৷
এফালে কংগ্ৰেছে সপোন দেখিছে পৱন সিং ঘাটোৱাৰৰ জৰিয়তে উজনিৰ চাহ বাগিছা অঞ্চলত স্থিতি মজবুত কৰাৰ ৷ আনফালে মুখ্যমন্ত্ৰীৰ সৈতে চাৰিমাহত দুবাৰকৈ মিলিত হৈছে ঘাটোৱাৰ ৷ অৱশ্যে, এই বৈঠক অৰাজনৈতিক বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷
কিন্তু এইদৰে বাৰে বাৰে এগৰাকী জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীক লগ ধৰাৰ অৰ্থ কি ? কংগ্ৰেছৰ প্ৰতি মোহ ভংগ হৈ বিকল্প চিন্তা কৰিছে নেকি ঘাটোৱাৰে ৷ কিয়নো আগত আহি আছে লোক সভা নিৰ্বাচন (Upcoming MP election) ৷ গতিকে এতিয়াৰ পৰাই এই নিৰ্বাচনত আকৌ এবাৰ যুঁজ দিয়াৰ বাবে ঘাটোৱাৰে নিজকে সাজু কৰিছে বুলিও চৰ্চা হৈছে ৷
যদি তেনে হয় তেতিয়া হ’লে সুশান্ত,ৰূপজ্যোতি, শশীকান্তৰ পাচত কংগ্ৰেছৰ বুকুত আন এক কুঠাৰাঘাট কৰিব ঘাটোৱাৰে ৷ ক’ৰ পানী ক’লৈ বয় সেয়া লক্ষ্যণীয় হ’ব সময়তহে ৷
লগতে পঢ়ক : পৱন সিং ঘাটোৱাৰৰে মুখ্যমন্ত্ৰীৰ আলাপ; চৰ্চা চলিছে ৰাজনৈতিক মহলত !