ETV Bharat / state

কালী পূজাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ কালী মন্দিৰত চুৰিকাণ্ড - diwali

চোৰৰ কোপদৃষ্টিৰ পৰা সাৰি নাযায় ধৰ্মীয় উপাসনাথলীসমূহ । মঙলবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ নাহৰকটীয়াস্থিত কালী মন্দিৰত চোৰে চলালে অভিযান । পিছে চুৰিকাণ্ড সংঘটিত কৰাৰ সমগ্ৰ দৃশ্য বন্দী হ'ল চিচিটিভিত । পৰিণতিস্বৰূপে ৰঙাঘৰৰ আলহী হ’ল গভাইত চোৰ ।

Ornaments stolen from Kali Mandir at Dibrugarh
কালী পূজাৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ কালী মন্দিৰত চুৰিকাণ্ড
author img

By

Published : Nov 4, 2021, 1:47 PM IST

মৰাণ, ৪ নৱেম্বৰ : মঙলবাৰে পুৱতি নিশা ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ কালীবাড়িৰ কালী মন্দিৰত প্ৰৱেশ কৰে এটা গভাইত চোৰ । এপদ এপদকৈ দেৱীৰ প্ৰতিমাৰ আ-অলংকাৰ খুলি নিজৰ পকেটত ভৰালে চোৰটোৱে । কিন্তু দশা বেয়া আছিল চোৰৰ । মন্দিৰৰ সম্পদ চুৰি কৰিলে ঠিকেই, কিন্তু চোৰে উমানেই নাপালে যে, মন্দিৰৰ ভিতৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল গভাইত চোৰটো ।

কালী মন্দিৰত চুৰিকাণ্ড

স্থানীয় ৰাইজে সন্দেহ কৰা মতে, চোৰটোৰ সৈতে আন লোকো জড়িত হৈ আছে । কিয়নো, চিচিটিভি ফুটেজত দেখা গৈছিল যে, চোৰটোৱে সকলো আ-অলংকাৰ চুৰি কৰিছে । কিন্তু চোৰটোক কৰায়ত্ত কৰাৰ পাচত তেনে কোনো বিশেষ সামগ্ৰী উদ্ধাৰ হোৱা নাই । ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

আনহাতে, কালী পূজাৰ প্ৰাকক্ষণত এনেদৰে মন্দিৰত চুৰি কাৰ্য সংঘটিত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ ঢেকীয়াপতীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.