মৰাণ,2 জানুৱাৰী: সমাগত ২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সমান্তৰালকৈ নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও অব্যাহত ৰাখিছে ৰাজনৈতিক তৎপৰতা ৷ নিৰ্বাচনীকেন্দ্ৰিক তৎপৰতা পৰিলক্ষিত হৈছে মৰাণ বিধানসভা সমষ্টিতো ৷
উল্লেখ্য যে,নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে মৰাণ সমষ্টিত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে কুচ-কাৱাজ ৷ সমষ্টিটোৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি ৱাৰ্ড সমিতিলৈকে সকলো কমিটি গঠন কৰাৰ পিছত তৃণমূল পৰ্যায়লৈকে দলটোক আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে সমষ্টিটোৰ দায়িত্বত থকা দলীয় নেতা-কৰ্মীসকলে ৷ ৰাজ্যত বিজেপিৰ উত্থানৰ পিছতো মৰাণৰ বহু লোকে দলটোত যোগদান কৰে ৷
লগতে চাওকঃ সম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি