মৰাণ, 28 জুন : দেওবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলত সংঘটিত হোৱা এক ৰহস্য জনক কিশোৰী আত্মহত্যা ঘটনাই তৈল নগৰী খনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাই উক্ত ঘটনাক ৰহস্য থকা বুলিও অভিযোগ তুলিছিল । ইফালে দি আবাসীক অঞ্চল বি' টাইপ 28 নম্বৰ ঘৰৰ গৰাকী গুণৰঞ্জন ৰাজবংশীৰ গাড়ী গেৰেজত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ঢেকীয়াজুলিৰ আশানী কিষানৰ বুলি চিনাক্ত কৰা হৈছিল । আৰক্ষীৰ অনুসন্ধানত গুণৰঞ্জন ৰাজবংশীৰ ঘৰত বিগত তিনিবছৰ ধৰি কাম কৰি আছিল বুলি জানিবলৈ দিছে কিশোৰী গৰাকী ।
ইফালে সমগ্ৰ ঘটনা এক ৰহস্যজনক বুলি মন্তব্য কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উচিত তদন্ত কৰিবলৈ দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুলীয়াজান আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 306 নম্বৰ ধাৰাত 316/2021 নম্বৰৰ এক গোচৰ ৰুজু কৰি অইল কৰ্মচাৰী গুণৰঞ্জন ৰাজবংশীক সোমবাৰে ডিব্ৰুগড় জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলৰ 'বি' টাইপ ২৮ নম্বৰ আৱাসগৃহত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা ৷
এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীৰ ঘৰত বিগত তিনিবছৰ ধৰি বনকৰা ছোৱালী হিচাপে আশানী কিষান নামৰ কিশোৰী গৰাকী নিয়োজিত হৈ আছিল । কিন্তু দেওবাৰে চীপ লোৱা অৱস্থাত গুণৰঞ্জন ৰাজবংশীৰ গেৰেজত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷
ইফালে, কিশোৰীগৰাকীৰ এনে অপমৃত্যুৰ পাচতে, সমগ্ৰ ঘটনা এক ৰহস্যজনক ঘটনা বুলি মন্তব্য কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উচিত তদন্তৰ দাবী জনাইছিল । উল্লেখ্য যে, কিছুদিন পূৰ্বেও নগাঁৱৰ ৰহাতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ চুমিলা ৰংহাংপী নামৰ এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুয়ে কঁপাই গৈছিল সমগ্ৰ ৰাজ্য ৷ কাৰ্বি আংলঙৰ কিশোৰী গৰাকীৰ ৰহস্য জনক হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সমগ্ৰ অসম ৷
ঘৰৰ মুৰব্বী আৰু পুত্ৰই মিলি দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই অহা কিশোৰী গৰাকীৰ মৃতদেহ অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল ৷ ঘৰৰ পিছফালে উদ্ধাৰ হোৱা কিশোৰী গৰাকী মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল বুলিও মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে ৷ দেওবাৰে দুলীয়াজানত সংঘটিত ঘটনাৰ আচল ৰহস্য আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক:গেৰেজত চীপ লোৱা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ