নাহৰকটীয়া,24 ফেব্ৰুৱাৰীঃ সমনীয়াৰ সৈতে খেলিবলৈ গৈ প্ৰাণ গ'ল এজন কিশোৰৰ ৷ এই ঘটনা নাহৰকটীয়াৰ চাচনী মৌজাৰ হালোৱা গাঁৱৰ ৷ দেওবাৰে বিয়লি সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ ঘটনাত প্ৰাণ হেৰুওৱা শিশুটিৰ নাম দীপজ্যোতি মেছ ৷ স্থানীয় বিশ্বজিৎ মেছ নামৰ লোকজনৰ ১৩ বছৰীয়া পুত্ৰ দীপজ্যোতি আছিল সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷ ঘৰৰ সমীপৰ পথাৰত সমনীয়াৰ সৈতে ক্ৰিকেট খেলিবলৈ ওলাই গৈছিল দীপজ্যোতিয়ে ৷ কিন্তু বিয়লিলৈ পথাৰখনত মুৰ্মূষ অৱস্থাত উদ্ধাৰ হয় দীপজ্যোতিৰ মৃতদেহ ৷
অৱশ্যে এই কথা এই পৰ্যন্ত স্পষ্ট হোৱা নাই যে খেলত পোৱা আঘাতৰ বাবে নে লগৰীয়াৰ জিঘাংসাৰ বলি হ’ল সপ্তম শ্ৰেণীৰ কিশোৰজন ৷ আঘাতপ্ৰাপ্ত কিশোৰটিক ততাতৈয়াকৈ নাহৰণিৰ ৰেফাৰেল হাস্পতাললৈ অনা হৈছিল যদিও চিকিৎসালয়খনৰ চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে ৷ ইফালে এনেকৈ ৰহস্যজনক অৱস্থাত এটি শিশুৰ মৃত্যু হোৱাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়কঃৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম