ETV Bharat / state

Road accident in Sepan : চেপনত ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত এজন - চেপনত পথ দুর্ঘটনাত যুৱক নিহত

মৰাণৰ চেপনত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় এজন যুৱক(One person spot dead at Sepan) ৷

one-person-spot-dead-at-a-road-accident-in-sepan
পথ দুর্ঘটনাত থিতাতে নিহত এজন
author img

By

Published : Apr 20, 2022, 9:29 AM IST

মৰাণ, 20 এপ্ৰিল : ৰঙালীৰ ৰঙৰ মাজতে দুখৰ খবৰ ৷ মৰাণৰ চেপনত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ য’ত থিতাতে নিহত হয় এজন যুৱক(One person spot dead at Sepan) ৷

প্ৰাপ্ত তথ্য অনুসৰি, চেপনৰ পৰা বিহু উপভোগ কৰি মৰাণৰ অভিমুখে ঘূৰি অহা সময়তে চেপন তিনিআলিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ এখন পালছাৰ বাইক আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত AS 04 Y 8871 নম্বৰৰ পালছাৰ বাইকখনৰ গৰাকী ডেভিড গগৈ(30) থিতাতে নিহত হয় ৷

আনহাতে, যুৱকজনৰ সৈতে থকা এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি স্থানীয় তিলৈ অসামৰিক চিকিৎসালয়(Tiloi Civil Hospital)লৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে AS 01 KC 1168 নম্বৰৰ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰু পালছাৰ বাইকখন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ আহে ৷ উক্ত ঘটনাটোৱে চেপনত শোকৰ ছাঁ পেলাইছে ৷

লগতে চাওক: বিহুৰ সময়ছোৱাত মহানগৰীত এটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.