ETV Bharat / state

মৃত্যুঞ্জয় 108 এম্বুলেঞ্চতে প্ৰাণ হেৰুৱালে ক'ভিড আক্ৰান্তই - dibrugarh covid death

মৰাণৰ তিলৈত মৃত্যুঞ্জয় ১০৮ ত নি থকা অৱস্থাতে ক'ভিড আক্ৰান্তৰ মৃত্যু ৷ ইয়াকে ধৰি বৃহত্তৰ মৰাণত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি ৷

one-covid-patient-of-tiloi-death
মৃত্যুঞ্জয় 108 এম্বুলেঞ্চতে প্ৰাণ হেৰুৱালে ক'ভিড আক্ৰান্তই
author img

By

Published : May 20, 2021, 4:58 PM IST

মৰাণ,19 মে’ : সমগ্ৰ দেশত সৰ্বত্ৰে এতিয়া কৰ’ণাই কালৰূপ ধাৰণ কৰিছে ৷ ভয়াৱহ হাৰত নিতৌ বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৷ অক্সিজেনৰ অভাৱ, ভেকচিনৰ সুবিধা লাভ নকৰা অথবা চিকিৎসা লাভ নকৰাৰ ফলত নিতৌ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ কেৱল এয়াই নহয়, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতো প্ৰাণ হেৰুৱাইছে বহুলোকে ৷

মৃত্যুঞ্জয় 108 এম্বুলেঞ্চতে প্ৰাণ হেৰুৱালে ক'ভিড আক্ৰান্তই

সমগ্ৰ দেশৰ লগতে অসমতো নিতৌ বহুলোক আক্ৰান্ত হৈছে ক’ভিডত, ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে বহুজনে ৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ক’ভিডে কালৰূপ ধাৰণ কৰি থকাৰ এই সময়খিনিতে, বৃহত্তৰ মৰাণত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পাইছে । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ঘোঁৰাগাজ উপ-স্বাস্থ্য কেন্দ্ৰৰ কাঁচিপথাৰ গাঁৱৰ বিনোদ কান্দোলানা (২৩) নামৰ আন এগৰাকী লোকৰ বুধবাৰে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।

উল্লেখ যোগ্য যে, বিগত ১৩ মে’ত দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পিচত হোম আইচলেশ্যনতে আছিল লোকজন । বুধবাৰে, ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ মৃত্যুঞ্জয় 108 এম্বুলেঞ্চ যোগে নি থকাৰ অৱস্থাত মৃত্যু হোৱা বুলি ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে ।

লগতে পঢ়ক : শ্বহীদ ন্যাসত অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.