মৰাণ,13 ডিচেম্বৰ: ভোটাৰ তালিকা সংশোধনীৰ জড়িয়তে আগন্তুক বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ ভোটাৰ তালিকাৰ সংশোধনীৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ দ্বাৰা জিলা খনৰ ৰাইজক সচেতন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে ৷ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অংশস্বৰূপে দেওবাৰে ডিব্ৰুগড় নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত "অন স্পট ৰেজিষ্ট্ৰেছন হাব ফৰ ভোটাৰছ"ৰ আয়োজন কৰা হয় ৷
"অন স্পট ৰেজিষ্ট্ৰেছন হাব ফৰ ভোটাৰছ"ৰজড়িয়তে ভোটদাতা ৰাইজে ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত, কৰ্তন, শুধৰণি নাইবা ভোটগ্ৰহণ কেন্দ্ৰ স্থানান্তৰণ কৰিব পাৰিব ৷ প্ৰশাসনৰ এনে ব্যৱস্থাই সাধাৰণ ৰাইজক উপকৃত কৰিছে বুলি জানিবলৈ দিয়ে ৰাইজে ৷ জিলাখনৰ বিভিন্ন ঠাইত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ উপযুক্ত ক্ষতিপূৰণৰ দাবীত আমৰণ অনশন নতুন ৰঙাগড়াবাসী ৰাইজৰ