ETV Bharat / state

আলফালৈ যোৱা কন্যাৰ বাবে ১৫ বছৰে অপেক্ষা বৃদ্ধা মাতৃৰ - Kusum Gogoi joined ULFA

শেহতীয়াকৈ অসমৰ পৰা বহু যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰা দেখা গৈছে (Youth joining in ULFA Independent)। এনে সময়তে সোণাৰিৰ এগৰাকী বৃদ্ধাৰ কৰুণ বিননিয়ে মৰ্মাহত কৰিছে অসমৰ ৰাইজক । ২০০৭ চনতে আলফাত যোগদানৰ বাবে যোৱা কন্যা ঘৰলৈ আহিব বুলি আজিও ৰৈ আছে বৃদ্ধা মাতৃগৰাকী । কন্যা জীয়াই আছে নে নাই সেই কথাও নাজানে বৃদ্ধা মাতৃয়ে ।

Youth joining in ULFA Independent
Youth joining in ULFA Independent
author img

By

Published : Jun 1, 2022, 10:03 PM IST

মৰাণ,১ জুন : ২০০৭ চনতে এইগৰাকী বৃদ্ধা মাতৃক এৰি সশস্ত্ৰ সংগ্ৰামলৈ ওলাই গৈছিল সোণাৰিৰ চিংলোপথাৰ কুসুম গগৈ (Kusum Gogoi joined ULFA)। যোৱা দিন ধৰি এদিনো ঘৰলৈ উভতি নাহিল কুসুম । ইফালে দিনৰ পাছত দিন ধৰি এনেদৰে কুসুম আহিব আহিব বুলি অপেক্ষা কৰি আছে বৃদ্ধা মাতৃয়ে (Old mother waits for 15 years for daughter)। কিন্তু কোনো শুংসূত্ৰ নাই কুসুমৰ ।

কুসুমে ঘৰ এৰি যোৱা দিনটোৰ কথা ভাবি আজিও উচুপি উঠে বৃদ্ধা মাতৃ । আনকি ঘৰলৈ অহা কোনো লোকেও নিদিয়ে কুসুমৰ খবৰ । কেতিয়াবা আকৌ আইতাই সপোনতো দেখে কুসুমক । কন্যাক দেখি কিছু সময়ৰ বাবে সান্ত্বনা লাভ কৰে মাতৃয়ে ।

আলফালৈ যোৱা কন্যাৰ বাবে ১৫ বছৰে অপেক্ষা বৃদ্ধা মাতৃৰ

কেমেৰাৰ সন্মুখত এইগৰাকী অসহায় মাতৃৰ কৰুণ বিননি । দৰিদ্ৰতাৰ কথাও চিন্তা নকৰে আশীৰ উৰ্ধৰ মহিলাগৰাকীয়ে । কেৱল চিন্তা মাত্ৰ কুসুমৰ বাবে । শেহতীয়াকৈ নাগালেণ্ডৰ এক সংঘৰ্ষত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যা কুসুম গগৈৰ মৃত্যু হোৱাৰ খবৰে বিশেষ চৰ্চা লাভ কৰিছে ।

কিন্তু সেই কথাও নাজানে মাতৃয়ে । কোনোৱে কুসুমৰ মৃত্যুৰ কথা ক'লেও উচুুপি উঠে মাতৃ । কুসুমৰ মাতৃৰ এই কৰুণ কাহিনীয়ে এতিয়া মৰ্মাহত কৰিছে বহুলোকক । কিন্তু সঁচাকৈয়ে কুসুম গগৈৰ মৃত্যু হৈছে নেকি ? কুসুম আৰু কেতিয়াও ঘৰলৈ উভতি নাহিব নেকি ? বৃদ্ধা মাতৃয়ে আৰু কুসুমৰ বাবে কিমান দিন অপেক্ষা কৰিব ?

লগতে পঢ়ক :সন্তানক ৰছীৰে বান্ধি দিন-হাজিৰা কৰিবলৈ ওলাই যোৱা এগৰাকী মাতৃৰ কৰুণ গাঁথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.