ETV Bharat / state

Cattle and Oil tanker seized: ডিব্ৰুগড়ত অবাধে চলিছে অবৈধ তেল-চোৰাং গৰুৰ বেহা

author img

By

Published : Nov 1, 2022, 7:38 PM IST

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত ডিব্ৰুগড় । অবাধে চলিছে চোৰাং কাৰবাৰ । ডিব্ৰুগড়ৰ বগীবিলত চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰাৰ এটা দিনৰ পাছতে বগীবিল আৰক্ষীয়ে জব্দ কৰে এখন চোৰাং তেলভৰ্তি টেংকাৰ(Oil tanker seized at Dibrugarh) ।

oil tanker seized at dibrugarh
ডিব্ৰুগড়ত অবাধে চলিছে অবৈধ তেল তথা চোৰাং গৰুৰ বেহা

ডিব্ৰুগড়,১ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় আৰু চোৰাং তেলৰ ব্যৱসায় । মুখ্যমন্ত্ৰীয়ে চোৰাং গো ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশৰ পাছতো গা লৰা নাই একাংশ অসাধু ব্যৱসায়ীৰ । শেহতীয়াকৈ অবৈধভাৱে এখন ট্ৰাকত ২৩ জনী উন্নত প্ৰজাতিৰ গাই চিলাপথাৰৰ পৰা ডিব্ৰুগড় হৈ নগাঁও অভিমুখে লৈ যোৱা অৱস্থাত ডিব্ৰুগড়ৰ বগীবিলত চোৰাং গৰুভৰ্তি ট্ৰাকসহ চাৰি গো সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে(Cattle seized in Dibrugarh) ।

আটকাধীন সৰবৰাহকাৰীকেইটা ক্ৰমে মচিকুবুৰ ৰহমান, তবিজুল আলি, মাইজান আলি আৰু আজাদ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈও আৰক্ষী সক্ষম হয় । এই ঘটনাৰ এটা দিনৰ পিছতে পুনৰ বগীবিল দলঙৰ সমীপত এখন চোৰাং তেল ভৰ্তি ট্ৰেংকাৰ জব্দ কৰে বগীবিল আৰক্ষীয়ে(Oil tanker seized at Dibrugarh) । টেংকাৰখনৰ সৈতে চোৰাং তেল সৰবৰাহকাৰী ক্ৰমে দীপক চাংমাই আৰু তিলক দিহিঙ্গীয়া, চালক ৰাজেন দিহিঙ্গীয়া আৰু হেণ্ডিমেন ভুৱন বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Cattle and Oil tanker seized) ।

জব্দকৃত গৰু সৰবৰাহ কৰা ট্ৰাকখনৰ নম্বৰ AS25EC1563 আৰু তেলৰ টেংকাৰখনৰ নম্বৰ AS05B6685 । আটক কৰা ৮ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই ।

লগতে পঢ়ক: Second Kaliabhomora Bridge: মুকলি হ’ল দ্বিতীয়খন কলীয়াভোমোৰা দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.