ETV Bharat / state

7 জুলাইৰ ভিতৰত বাঘজানৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাব অইল কৰ্তৃপক্ষই

author img

By

Published : Jun 16, 2020, 10:51 PM IST

বাঘজান তৈল খাদৰ জুই নিয়ন্ত্ৰণৰ বাবে অইল ইণ্ডিয়াই গ্ৰহণ কৰিছে পদক্ষেপ ৷ শেহতীয়া তথ্যসহ অইল ইণ্ডিয়া দুলীয়াজানৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদিপ হাজৰিকাৰ মন্তব্য ৷

oil pro express about latest update
oil pro express about latest update

ডিব্ৰুগড়়, 16 জুন : বিদেশৰ ছজনীয়া এলাৰ্ট বিশেষজ্ঞৰ দল আৰু অ' এন জি চিৰ দলে 24 ঘন্টাই অহৰহ ভাৱে জুই নিয়ন্ত্ৰণৰ দিশে আগবাঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । পূৰ্বে 28 দিনত জুই নিয়ন্ত্ৰণ হ'ব বুলি নিৰ্ধাৰণ কৰা সময়তকৈও আগতে নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে অইল কৰ্তৃপক্ষই । আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ ছজনীয়া এলাৰ্ট বিশেষজ্ঞৰ দলটোৰ তত্বাৱধানত এই নিয়ন্ত্ৰণ কাৰ্য পৰিচালিত হৈছে ।

অগ্নিকাণ্ড সংঘটিত হোৱা খাদটোত বৰ্তমান হাই ডিচছাৰ্জ পাম্পৰ টেষ্ট অব্যাহত ৰাখিছে ৷ অইল কৰ্তৃপক্ষই সহায় লৈছে ভাৰতীয় সেনা বাহিনীৰো। ইতিমধ্যেই বিদেশী বিশেষজ্ঞৰ দলে অইলক জমা দিয়া ডিটেইলছ প্লেন চৰকাৰক গতাই দিয়া হৈছে। ইফালে বাঘজানত সঘনাই অনুভূত হোৱা ভূমিকম্পৰ সম্পৰ্কে নিৰীক্ষণ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে যোৰহাটৰ নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ চাইঞ্চ এণ্ড টেকন'লজী দলৰ সহায় লৈছে অইল ইণ্ডিয়াই।

7 জুলাইৰ ভিতৰত বাঘজানৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাব অইল কৰ্তৃপক্ষই

ইনষ্টিটিউচনখনে ভূমিকম্পৰ কাৰণ জানিবলৈ পাঁচডোখৰ ঠাই বাচি লৈছে । এই ঠাইত যন্ত্ৰ-পাতি সহ পৰীক্ষণ চলাই ইয়াৰ কাৰণ আগন্তুক সাত-আঠ দিনত গতাই দিব বুলি অইলৰ বিষয়া গৰাকীয়ে জানিবলৈ দিছে। বায়ুমণ্ডল অৱস্থা,শব্দ প্ৰদূষণ বিষয়ে অধ্যয়ন আৰু পৰীক্ষণৰ বাবে অইল কৰ্তৃপক্ষই সহায় লৈছে শক্তি,পৰিবেশ আৰু বহনক্ষম উন্নয়নৰ বিষয়ে অধ্যয়ন কৰা দিল্লীৰ "টেৰিৰ"(TATA/THE ENERGY AND RESOURCES INSTITUTE)ৰ।

ইফালে প্ৰদূষিত মাগুৰি মতাপুং বিল পৰিস্কাৰৰ চৰকাৰী নিৰ্দেশনা পালন কৰি অইল কৰ্তৃপক্ষই ইতিমধ্যে বিল পৰিস্কাৰৰ কাম হাতত লোৱা বুলি জনায় বিষয়া গৰাকীয়ে । লগতে দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে এই জৈৱ বৈচিত্ৰৰে ভৰা বিলখনক আন্তঃৰাষ্ট্ৰীয় মৰ্যদালৈ লৈ যোৱাৰ বাবে যি ঘোষণা কৰিছিল সেই একে মতামত অইলৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়েও দোহাৰে । ইফালে তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰাৰ পাছতেই ক্ষতিগ্ৰস্তক যি ক্ষতিপূৰণৰ প্ৰয়োজন হ'ব সেইয়া দিয়া হ'ব বুলি জনায় অইল ইণ্ডিয়াৰ হৈ ত্ৰিদিপ হাজৰিকাই ।
লগতে পঢ়ক : চামগুৰিত বিজেপিৰ জনসম্পৰ্ক যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী চুম' ৰংহাঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.