ETV Bharat / state

মৰাণত ONGC ৰ তৈল পৰিবাহী পাইপ ফাটি তেল নিৰ্গত - অ’ এন জি চি

ক'ভিড মহামাৰীসৃষ্ট আতংকময় পৰিৱেশৰ মাজতে আন এক আতংকই দেখা দিছে চেপনৰ বৃহত্তৰ বকতা দেওধাই অঞ্চলত ৷ অঞ্চলটোত অ’ এন জি চি (ONGC)ৰ তৈল পৰিবাহী পাইপ ফুটি অহৰহ তেল নিৰ্গত হোৱাৰ পাছতে আতংকিত হৈ পৰিছে স্থানীয় জনতা ৷

oil-leakages-from-ongc-pipe-at-sepon-of-moran
মৰাণত ONGC ৰ তৈল পৰিবাহী পাইপ ফাটি তেল নিৰ্গত
author img

By

Published : Jul 17, 2021, 7:06 AM IST

মৰাণ,17 জুলাই : বাঘজান কাণ্ডৰ (Baghjan fire) উত্তেজনা মাৰ নৌযাঁওতেই পুনৰ মৰাণৰ চেপনৰ বৃহত্তৰ বকতা দেওধাই অঞ্চলত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছে ৷ কিয়নো বৃহস্পতিবাৰৰ দুপৰীয়াৰ পৰাই উক্ত অঞ্চলটোৰ 7/8 টা স্থানত তৈল পৰিবাহী পাইপ ফুটি অহৰহ তেল নিৰ্গত হোৱাৰ কথা জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ ইয়াকে লৈ আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ জনসাধাৰণ ৷ যিকোনো সময়তে বৃহত্তৰ অঞ্চলটো অগ্নিকুণ্ডত পৰিণত হ'ব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে ৷

মৰাণত ONGC ৰ তৈল পৰিবাহী পাইপ ফাটি তেল নিৰ্গত

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অ’ এন জি চি (ONGC) কৰ্তৃপক্ষক বৃহস্পতিবাৰেই অৱগত কৰিছিল যদিও 24 ঘণ্টাৰ অন্ততহে শুকুৰবাৰে ঘটনাস্থলীত অ’ এন জি চি (ONGC)ৰ বিষয়া উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ বৰ্তমান চৰাইদেউ জিলাৰ মাহমৰা চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে সাধাৰণ লোকৰ নিৰাপত্তাৰ স্বাৰ্থত উক্ত পথটোৰ উপৰি তেল নিৰ্গত স্থানসমূহত যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিছে ৷ ইপিনে তেল নিৰ্গত অঞ্চলটোত শুকুৰবাৰে পুৱা অ’ এন জি চি (ONGC)ৰ এটা বিশেষজ্ঞ দল উপস্থিত হৈ তৈল পৰিবাহী পাইপৰ ফটা অংশ বিচাৰি জেচিবি(JCB) ৰ সহায়ত খনন চলাইছে যদিও তেল নিৰ্গমন বন্ধ কৰিব পৰা নাই ৷ যাৰ বাবে অধিক শংকিত হৈ পৰিছে অঞ্চলটোৰ লোক সকল ৷

উল্লেখনীয় যে, ম্যাদ উকলা পাইপ ব্যৱহাৰ কৰি তেল সৰবৰাহ কৰাৰ ফলতেই এইদৰে বৃহত্তৰ অঞ্চলটোত বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ গতিকে সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত তদন্ত কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে দাবী জনাইছে সচেতন ৰাইজে ৷ অন্যথা ভৱিষ্যতে ডাঙৰ ঘটনা সংঘটিত হ'ব বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ কন্টেইনমেন্ট জ’নত বজাৰ বন্ধ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.