মৰাণ,12 জানুৱাৰীঃ লাহোৱাল বিধানসভা সমষ্টিৰ নতুন বছাপথাৰ গাঁৱত সোমবাৰে অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । এই যোগদান কাৰ্যসূচীত নতুন বছাপথাৰ গাঁৱৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ তিনি শতাধিক লোক উপস্থিত থাকে। দলীয় যোগদান কাৰ্যসূচী উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ,মদাৰখাট সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসম জাতীয় পৰিষদৰ লাহোৱাল সমষ্টিৰ সভাপতি কেশৱ দত্তই।
সভাত অসম জাতীয় পৰিষদৰ লাহোৱাল বিধানসভা সমষ্টিৰ দিব্যজিত দত্ত,বিপিন মেছ,সৰল দত্ত,স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁই,অসম জাতীয় পৰিষদৰ যুৱশক্তিৰ মুখ্য আহ্বায়িকা নিভা দত্ত,ডিব্ৰুগড় জিলা মহিলা যুৱ শক্তিৰ সম্পাদিকা তথা কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা পিতাঞ্জলী দত্ত মেধি,লাহোৱাল সমষ্টিৰ যুটীয়া সম্পাদক কিৰণ বড়া প্ৰমুখ্যে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে সভাৰ আহ্বায়ক মাধুৰ্য গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অসম জাতীয় পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে সভাত স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁয়ে অৱগত কৰি সাম্প্ৰতিক সময়ত অসম জাতীয় পৰিষদৰ প্ৰাসংগিকতাৰ কথা দোহাৰে। সোমবাৰে অনুষ্ঠিত সভাত নতুন বছাপথাৰ গাঁৱৰ পুৰুষ মহিলা সমন্বিতে ১০০ গৰাকী ব্যক্তিয়ে অসম জাতীয় পৰিষদ দলত যোগদান কৰে ।
লগতে চাওকঃ চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ