ETV Bharat / state

বৃহত্তৰ মৰাণ অঞ্চলত ১৭৮০ গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্ত সংখ্যা - dibrugarh covid update

মৰাণত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ভিত আক্ৰান্ত সংখ্যা ৷ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৪৩১ গৰাকী ক'ভিড আক্ৰান্ত হৈছে । চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৰু অন্তৰ্গত এলেকাত আজি ১৯ জন লোকৰ দেহত ক'ভিড উপস্থিতি ধৰা পৰে ।

number of people affected in Moran has increased
বৃহত্তৰ মৰাণ অঞ্চলত ১৭৮০ গৰাকীলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্ত সংখ্যা
author img

By

Published : May 20, 2021, 10:58 PM IST

মৰাণ, 20 মে' : ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজি দিনটোতে ৬৫ জন লোকৰ দেহত ক'ভিড উপস্থিতি পোৱা যায় । তাৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬১ জন, ৪ জন চৰাদেউ জিলাৰ নিৱাসী ।

খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মুঠ ১৪৩১ গৰাকী ক'ভিড আক্ৰান্ত হৈছে । চেপন চাহ বাগিচাত ৫ জন আৰু ডোমৰ দলং চাহ বাগিচাত ৩ জন লোকৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰা পাচতে বাগিচা অঞ্চলত আতংকৰ সৃষ্টি হৈছে । উক্ত ক'ভিড আক্ৰান্ত সকলক চাহ বাগিচাৰ আইচলেচন ৱাৰ্ডত, ১৬ জনক চাবুৱা, জকাই, লেজাই, লেঙেৰী ক'ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে ৷ বাকীসকলক হোম আইচলেচনত ৰখা হৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ।

চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৰু অন্তৰ্গত এলেকাত আজি ১৯ জন লোকৰ দেহত ক'ভিড উপস্থিতি ধৰা পৰে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৩৪৯ জন লোকৰ দেহত ক'ভিড উপস্থিতি ধৰা পৰে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হ’ম আইছ’লেচনত ৰখা হৈছে।

দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ১৭৮০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । আজিৰ খুমটাই চাহ বাগিচাৰ ১১ জন শ্ৰমিক ক'ভিডত আক্ৰান্ত হয় । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত ১৯ জনলোক ক'ভিডত আক্ৰান্তহৈ মৃত্যু মুখত পৰিছে ।

লগতে পঢ়ক: আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.