মৰাণ, 1 মে’ : অসমবাসীৰ বাবে এক সু-খবৰ ৷ এইবাৰ মানুহৰ বাবে নহয়, গৰুৰ বাবে ডিব্ৰুগড়ত মুকলি কৰা হ’ল Cow Ambulance অৰ্থাৎ গৰু এম্বুলেঞ্চ সেৱা ৷ ৰুগীয়া গৰু বা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা গৰুৰ চিকিৎসাৰ বাবে এই সেৱা মুকলি কৰা হয় ৷
এই সেৱা গোপাল গো-শলাত শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে (Cow ambulance service in Dibrugarh) ৷ বিভিন্ন দুৰ্যোগ আৰু ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকাৰ গোধনক সুৰক্ষা আৰু চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত এই এম্বুলেঞ্চ সেৱা অধিক ফলপ্ৰসূ হ’ব বুলি আশা কৰিছে ডিব্ৰুগড় জিলাৰ উপায়ুক্তগৰাকীয়ে ৷
তথ্য অনুসৰি, এই গৰু এম্বুলেঞ্চখন মুঠ 14 লাখ টকা ব্যয় সাপেক্ষে হায়দৰাবাদৰ পৰা ক্ৰয় কৰা হৈছে বুলি জানিব পৰা গৈছে (Cow ambulance brought from Hyderabad)৷
এই অত্যাধুনিক আৰু উন্নত মানৰ হাইড্ৰ’লিক এম্বুলেঞ্চখনৰ জৰিয়তে এতিয়াৰে পৰা উজনি অসমৰ বিভিন্ন জিলাত গৰুক জৰুৰী চিকিৎসাৰ সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত সুবিধা হ’ব বুলি আশা প্ৰকাশ কৰিছে গোপাল গো-শলাৰ কৰ্মকতাসকলে ।
লগতে পঢ়ক : চামগুৰিত উদ্ধাৰ তিনিটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বন মেকুৰীৰ পোৱালি