ETV Bharat / state

আঘোণৰ ন ফচলেৰে এসাঁজ ডিকমবাসীৰ

author img

By

Published : Dec 14, 2020, 10:25 PM IST

আঘোণৰ ন ফচলেৰে লগে ভাগে ন খালে ডিব্ৰুগড়ৰ ডিকম নাহৰচুক গাঁওবাসীয়ে ৷ ডিকম মটক আঞ্চলিক সমিতিৰ উদ্যোগত ডিকমবাসী ৰাইজৰ সহযোগত ধৰ্মীয় ৰীতি-নীতিৰে দিনজোৰা কাৰ্যসূচীৰে পালন ন খোৱা উৎসৱ ৷

অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ন খোৱা

মৰাণ, 14 ডিচেম্বৰ : অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ন খোৱা ৷ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খাই অসমীয়া চহা ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ ৷ যি উৎসৱক কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় ৷ ডিব্ৰুগড়ৰ ডিকম নাহৰচুক গাঁৱতো পালন কৰা হয় ন-খোৱা উৎসৱ ৷

আঘোণৰ ন ফচলেৰে এসাঁজ
আঘোণৰ ন ফচলেৰে এসাঁজ

ডিকম মটক আঞ্চলিক সমিতিৰ উদ্যোগত ডিকমবাসী ৰাইজৰ সহযোগত ধৰ্মীয় ৰীতি-নীতিৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিলে ন খোৱা উৎসৱ ৷ বহু কেইগৰাকী সমাজ সেৱক, সংগঠনৰ ব্যক্তি উপস্থিত থকা উৎসৱটোত নাহৰচুক গাঁৱৰ নামঘৰলৈ ১ লাখ টকাৰ অনুদান আগবঢ়ায় ৷ লগতে ন খোৱা উৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ৷

আঘোণৰ ন ফচলেৰে এসাঁজ ডিকমবাসীৰ
আঘোণৰ ন ফচলেৰে এসাঁজ ডিকমবাসীৰ

লগতে পঢ়ক: ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.