ETV Bharat / state

Doctor Less Hospital : চিকিৎসকৰ অভাৱত চিকিৎসা সেৱা বন্ধ

author img

By

Published : Jun 16, 2023, 10:54 PM IST

মৃত্যুৰ দিশে মৰাণ ৰাজ্যিক চিকিৎসালয় ৷ চিকিৎসকৰ অভাৱত চিকিৎসা সন্ধিয়াৰ চিকিৎসা ব্যৱস্থাও বন্ধ ৷ ৰোগী মাজত সৃষ্টি হৈছে হাহাকাৰ ৷

No doctor in moran state hospital
মৃত্যুৰ দিশে মৰাণ ৰাজ্যিক চিকিৎসালয়
মৃত্যুৰ দিশে মৰাণ ৰাজ্যিক চিকিৎসালয়

ডিব্ৰুগড়,16 জুন: স্বাস্থ্যখণ্ডৰ আমোল পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনতে বন্ধৰ দিশে এখন চিকিৎসালয় ৷ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে ঘোষণা কৰিছে কেইবাখনো অভিলাষী আঁচনি । ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ৰাজ্য চৰকাৰে জিলাই জিলাই মেডিকেল কলেজ স্থাপনৰ কথা কৈ থকা সময়ত ১৯০৩ চনত ব্ৰিটিছৰ শাসন কালত স্থাপন হোৱা ডিব্ৰুগড়ৰ মৰাণ ৰাজ্যিক চিকিৎসালয়খন চিকিৎসকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে । দৈনিক দুই শতাধিক ৰোাগীৰ একমাত্ৰ ভৰষা এগৰাকী হোমিওপেথিক আৰু এজন অস্থায়ী চিকিৎসক । মৰাণ, মাহমৰা, টিংখাং আৰু থাওৰা সমষ্টিৰ শ শ ৰোগীয়ে উন্নত চিকিৎসাৰ বাবে মৰাণ ৰাজ্যিক চিকিৎসালয়লৈ দৈনিক ঢপলিয়াই আহে যদিও সময়ত চিকিৎসক নাপাই হাহাকাৰ অৱস্থা হয় । কাৰণ ঘন্টাৰ পাচত ঘন্টা অপেক্ষা কৰিব লাগে ৰোগীয়ে ৷ কেইবছৰমান পূৰ্বে ৬ জন চিকিৎসক থকা মৰাণ ৰাজ্যিক চিকিৎসালয়খনত বৰ্তমান দুজন চিকিৎসকে কোনোমতে চিকিৎসা প্ৰদান কৰি থকা বিষয়টো সহজ ভাবে ল'ব পৰা নাই ৰাইজে । চিকিৎসকৰ অভাৱত কেইমাহমানৰ পূৰ্বে নৈশ জৰুৰীকালীন চিকিৎসা সেৱা বন্ধ কৰিবলৈ বাধ্য হয় চিকিৎসালয় কৰ্তৃপক্ষই । কোনো মতে চলি থকা সন্ধিয়াৰ চিকিৎসা ব্যৱস্থাও বন্ধ হোৱাৰ উপক্ৰম ঘটিছে চিকিৎসালয়খনত । চিকিৎসালয়খনৰ শতবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খনৰ আধুনিকীকৰণ কৰা বাবে অত্যাধুনিক চিকিৎসালয় ভৱন নিৰ্মাণৰ ঘোষণা কৰিছিল ৷ সেই মৰ্মে ১ কোটি ২৮ লাখ টকা ব্যয় সাপেক্ষে দুই মহলা অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হৈছে । কিন্তু বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী ৷ চিকিৎসকৰ অভাৱত বিভাগীয় কৰ্তৃপক্ষই নৱ-নিৰ্মিত অট্টালিকা উদ্বোধন কৰাৰ সাহস কৰিব পৰা নাই । ইফালে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত ১২ খন উপ-স্বাস্থ্য কেন্দ্ৰসমূহৰ কাৰ্যালয় কেন্দ্ৰীক কাম স্থগিত হৈ আছে । চিকিৎসালয়খনে বিভিন্ন বিষয়ত সময়ে সময়ে অনুষ্ঠিত কৰিবলগীয়া স্বাস্থ্য শিবিৰৰ কাৰ্যসূচী বন্ধ হৈ আছে । মুঠৰ ওপৰত মাত্ৰ দুজন চিকিৎসকে মৰাণ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা চলাই থকাত দৈনিক শ শ ৰোগী মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে উন্নয়নৰ কথা কৈ থাকিলেও মৰাণ ৰাজ্যিক চিকিৎসালয়খনৰ বৰ্তমানৰ অৱস্থাই স্বাস্থ্য বিভাগৰ আচল স্বৰূপ উদঙাই দিছে ৷

লগতে পঢ়ক:Junmoni Rabha death case: জোনমণিৰ পৰিয়ালক ন্যায় দিয়াৰ আশ্বাস CBIৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.