ETV Bharat / state

চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

author img

By

Published : Apr 27, 2021, 12:02 PM IST

সোমবাৰলৈকে চাবুৱাত 63 গৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচতো সজাগ হোৱা নাই একাংশ লোক ৷ চাবুৱাৰ মডেল হাস্পতাল সম্প্ৰতি ক'ভিড হাস্পতাললৈ ৰূপান্তৰ কৰাৰ পাচতো পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল এক বিপৰীত ছবি ৷ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহি একাংশ লোকে উলংঘা কৰিলে ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা ৷

চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল
চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

মৰাণ,27 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে দৈনিকভাৱে চাবুৱাতো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত 1 এপ্ৰিলৰ পৰা সোমবাৰ পৰ্যন্ত চাবুৱাত 63 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি । যাৰ বাবে চাবুৱাৰ মডেল হাস্পতাল সম্প্ৰতি ক'ভিড হাস্পতাললৈ ৰূপান্তৰ কৰা হৈছে । কিন্তু তাৰমাজতে চাবুৱাৰ পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল এক বিপৰীত দৃশ্য ৷

যি সময়ত জিলা প্ৰশাসনে কৰ'ণা প্ৰতিৰোধৰ বাবে চেষ্টা কৰি আছে, তাৰ মাজতে চাবুৱাত একপ্ৰকাৰ ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল । একাংশ লোকে পানীতোলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহি উলংঘা কৰিলে ক'ভিডৰ সকলো নীতি-নিৰ্দেশনা ৷ লোকসকলৰ মুখত নাই মাস্ক, নামানিলে কোনো সামাজিক দূৰত্ব ৷

চাবুৱাত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক জ্যোতিৰ্ময় বৰুৱাই বাৰে বাৰে লোক সকলক প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে যদিও কোনো কাণসাৰ লোকসকলৰ ৷ উল্লেখ্য যে, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিৰ পৰা চাবুৱাত হোম আইছ’লেচনত থকা ৰোগীসকলৰ সুবিধাৰ বাবে 88226-81470 এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে ৷

লগতে পঢ়ক: মৰাণত একেদিনাই কৰ'ণাত আক্ৰান্ত 18 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.