মৰাণ,১৫ মে': আৰ্তজনৰ কাষত থিয় দিলে নাহৰকটীয়া বিধানসভা সমষ্টিৰ নৱ নিবাৰ্চিত বিধায়ক তৰংগ গগৈ । শুকুৰবাৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চাচনীৰ দাহাল গাঁও, কলাগড়া গাঁৱৰ কণ্টেইনমেণ্ট জ'ন আৰু নিগাম পঞ্চায়তৰ ঘিলাগুৰিৰ কণ্টেইনমেণ্ট জ'নত থকা গাঁৱবাসীৰ ওচৰত থিয় দিলে বিধায়ক তৰংগ গগৈয়ে ।
এইসকল ৰাইজৰ বাবে দৈনন্দিন প্ৰয়োজনীয় খাদ্য, সামগ্ৰী যোগান ধৰে বিধায়ক তৰংগ গগৈয়ে । লগতে বিধায়কগৰাকীয়ে নাহৰকটীয়া সমষ্টিবাসীলৈ চৰকাৰে কৰ'ণা মহামাৰীক লক্ষ্য কৰি বান্ধি দিয়া নিয়মাৱলীসমূহ পালন কৰিবলৈ অনুৰোধ জনায় ।
ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । উক্ত সমষ্টিসমূহত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত গাঁৱসমূহ বৰ্তমান কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে । সমষ্টিয়ে সমষ্টিয়ে কণ্টেইনমেণ্ট জ'নত থকা গাঁৱবাসীৰ কাষত থিয় দিছে নৱ নিবাৰ্চিত বিধায়কসকলে ।
লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত ৰঙিয়াৰ যানবাহন আৰক্ষী বিষয়া