ETV Bharat / state

New born baby rescued: হাস্পতালৰ আৱৰ্জনাৰ সৈতে নৱজাতকক জীৱন্তে পানীত পেলালে কৰ্মচাৰীয়ে

author img

By

Published : May 20, 2023, 5:26 PM IST

Updated : May 20, 2023, 6:57 PM IST

অপেক্ষা নামৰ ব্যক্তিগত হাস্পতালখনত জঘন্য ঘটনা ৷ হাস্পতাল কৰ্মচাৰীয়ে আৱৰ্জনাৰ সৈতে পানীত পেলালে জীৱন্ত নৱজাতকক (New born baby rescued in Dibrugarh) ৷

New born baby rescued in Dibrugarh
হাস্পতালৰ আৱৰ্জনাৰ সৈতে নৱজাতকক জীৱন্তে পানীত পেলালে কৰ্মচাৰীয়ে

মৰাণ, 20 মে’: ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আৱৰ্জনাৰ সৈতে পানীত পৰিল জীৱন্ত নৱজাতক (New born baby rescued in Dibrugarh) ৷ অপেক্ষা নামৰ ব্যক্তিগত হাস্পতালখনত এই কাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ পিচতে লগে লগে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষৰতে থকা লোকসকলে জাৱৰৰ মাজত শিশুটো প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগাই ৷ স্থানীয় লোকৰ তৎপৰতাত পানীৰ পৰা উদ্ধাৰ কৰা হয় নৱজাতকটিক ৷ ইফালে প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি শিশুটোক পেলায়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চিকিৎসালয়খনৰ কৰ্মচাৰীগৰাকীয়ে ৷ স্থানীয় লোকে কৰ্মচাৰীগৰাকীৰ পৰিচয় চিনাক্ত কৰিবলৈ লওঁতে তীব্ৰগতিত সেইঠাইৰ পৰা পলায়ন কৰে কৰ্মচাৰীগৰাকীয়ে ৷

ইয়াৰ পিচতে স্থানীয় লোকে শিশুটোক অসম চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ লৈ যায় যদিও তেতিয়ালৈ মৃত্যুৰ মুখত পৰে কণমানিটো ৷ এই ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ব্যক্তিগত হাস্পতালত জন্ম লাভ কৰা নৱজাতকটিক চিকিৎসালয় কৰ্মচাৰীয়ে কিয় এইদৰে পেলাই থৈ গ'ল সেইয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ কি কাহিনী জানে এছ আই ৰাজা ইৰ্শ্বাদে ?

উল্লেখ্য যে, এনেদৰে পৰিত্যক্ত অৱস্থাত নৱজাতক উদ্ধাৰ হোৱা এয়াই প্ৰথম ঘটনা নহয় ৷ চলিত বৰ্ষৰে 6 মে’ত দৰং জিলাৰ মঙলদৈত কুকুৰে এটা নৱজাতকৰ মৃতদেহ কামুৰি অৰ্ধভক্ষণ কৰি লৈ অনা এক গাৰ নোম শিয়ৰি যোৱা ঘটনা সংঘটিত হৈছিল (New born baby body recovered)৷ মঙলদৈ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ সন্মুখত নিৰাপত্তাৰক্ষীয়ে পলিথিনৰ টোপোলাটো দেখি আৰক্ষীক খবৰ দিছিল (New born baby body bitten by dog ) ৷ খবৰ লাভ কৰিয়েই মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহৰ অৰ্ধাংশ উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰিছিল ৷

লগতে পঢ়ক: New born baby body recovered: কুকুৰে ভক্ষণ কৰিলে নৱজাতকৰ মৃতদেহ

Last Updated : May 20, 2023, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.