ETV Bharat / state

NCSK meeting at Dibrugarh : ডিব্ৰুগড়ত চাফাই কৰ্মচাৰী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক - ডিব্ৰুগড়ত চাফাই কৰ্মচাৰী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়ত উপস্থিত চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক অধ্যক্ষ এম ভেংকটেচন (NCSK state chairman at Dibrugarh)। চাফাই কৰ্মচাৰীৰ বিভিন্ন সমস্যা সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত ।

NCSK meeting at Dibrugarh
ডিব্ৰুগড়ত চাফাই কৰ্মচাৰী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Dec 19, 2021, 12:49 PM IST

মৰাণ, ১৯ ডিচেম্বৰ : ভাৰতৰ বিভিন্ন ৰাজ্যৰ চাফাই কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগে (NCSK)। শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হয় এই আয়োগৰ অসম,মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক অধ্যক্ষ এম ভেংকটেচন (NCSK state chairman at Dibrugarh) ।

অধ্যক্ষগৰাকীৰ উপস্থিতিত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ সভাৰ আয়োজন কৰা হয় (NCSK meeting at Dibrugarh dc office) ৷ এই সভাত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ চাফাই কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা উত্থাপন কৰা হয় । চাফাই কৰ্মীৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি পাৰিশ্ৰমিক লগতে স্বাস্থ্য বীমাৰ বিষয়সমূহো এই সভাত আলোচনা কৰা হয় ।

NCSK meeting at Dibrugarh
ডিব্ৰুগড়ত চাফাই কৰ্মচাৰী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড় জিলাৰ চাফাই কৰ্মচাৰীৰ বিভিন্ন সমস্যাসমূহ অধ্যক্ষগৰাকীৰ সন্মুখত উত্থাপন কৰা হয় । সভাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰীণা মেছ, পৌৰসভাৰ অতিৰিক্ত উপায়ুক্ত আনচুলা বসুমতাৰী, স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকনৰ লগতে পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ বকলীয়াঘাট অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.