ETV Bharat / state

কেনে আছে নন্দিতা শইকীয়া ?

author img

By

Published : Aug 23, 2021, 9:43 PM IST

ধেমাজিৰ মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াক মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এজন যুৱকে ৰাজপথত অতি নিৰ্মম আৰু বৰ্বৰ ভাৱে দাৰে ঘপিয়াই আঘাট কৰিছিল ৷ শেহতীয়াকৈ, ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা নন্দিতা শইকীয়াৰ স্বাস্থ্যৰ বিষয়ে সবিশেষ জনালে চিকিৎসকে ৷

nandia-saikia-health-update
কেনে আছে নন্দিতা শইকীয়া ?

ডিব্ৰুগড়, 23 আগষ্ট : ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল মহিবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ সম্প্ৰতি ছাত্ৰী গৰাকী সংকটজনক অৱস্থাত ক'মাত আছে বুলি জানিব পৰা গৈছে । পূৰ্বৰ দৰেই সোমবাৰেও একেই অৱস্থাতে আছে নন্দিতাৰ স্বাস্থ্যৰ অৱস্থা ৷ একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰা হোৱাৰ পিছত দেওবাৰে নন্দিতাৰ পিতৃয়ে এই বাতৰি অসত্য বুলি জানিবলৈ দিছিল ৷

ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা নন্দিতাৰ বিষয়ে সবিশেষ জনাই চিকিৎসকে কয় যে, সম্প্ৰতি তেওঁৰ ৰক্তচাপ,পাল্ছ আদি নিয়মীয়া হৈ আছে । ছাত্ৰী গৰাকীক পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চিকিৎসকে । তেওঁৰ শেহতীয়া অৱস্থাৰ বিষয়ে অৱগত কৰি নন্দিতা সম্প্ৰতি ভেন্টিলেটৰত আছে বুলি জানিবলৈ দিছে চিকিৎসকে ।

অৱশ্যে, এতিয়াও স্বাস্থ্যৰ ছাত্ৰী গৰাকীৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন অহা নাই ।

উল্লেখ্য যে দুদিন পূৰ্বে ধেমাজি মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াক মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এজন যুৱকে ৰাজপথত অতি নিৰ্মম আৰু বৰ্বৰ ভাৱে দাৰে ঘপিয়াই আঘাট কৰিছিল ৷ নন্দিতাৰ লগতে আন এগৰাকী যুৱতীও এই আক্ৰমণৰ সন্মুখীন হৈছিল । যুৱকজনে আক্ৰমণ কৰা অৱস্থাত নন্দিতাৰ যথেষ্ট তেজ নিৰ্গত হৈছিল ৷

কেনে আছে নন্দিতা শইকীয়া ?

যাৰ পৰিপ্ৰেক্ষিতত যুৱতী গৰাকী এইদৰে অতি সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজ দি চিকিৎসাধীন হৈ আছে ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে নন্দিতা ৷ অৱশ্যে, বৰ্তমানলৈকে নন্দিতাৰ দেহত বিশেষ তেজৰ অভাৱ ঘটা নাই বুলি চিকিৎসকে জানিবলৈ দিছে ।সম্প্ৰতি নন্দিতাৰ পিতৃ তথা পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ স্বাস্থ্য সম্পৰ্কত ৰাইজৰ আশীৰ্বাদ বিচাৰিছে ৷

লগতে পঢ়ক : তাই জীয়াই আছে : সংবাদ মাধ্যমত ক’লে নন্দিতাৰ দেউতাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.